Anti – Hijab Protest : হিজাব আইন পুনৰীক্ষণ কৰিব ইৰানে , তীব্ৰ প্ৰতিবাদৰ মাজতে পিছুৱাই অহাৰ ইংগিত তেহৰানৰ

1669357145 iran

Anti – Hijab Protest :

হিজাব আইন প্ৰত্যাহাৰৰ ইংগিত দিছে ইৰানে । দুমাহৰ হিজাব বিৰোধী প্ৰতিবাদৰ আন্দোলনৰ পাছত কয়, সেই দেশৰ এটৰ্নি জেনেৰেল মহম্মদ জাফৰ মণ্টাজেৰীয়ে কয়,”হিজাব আইনত কোনো পৰিৱৰ্তন কৰিব পাৰি নে তাক লৈ আইন আৰু বিচাৰ বিভাগে যুটীয়াভাৱে পৰীক্ষা কৰি আছে ।”

অৱশ্যে, হিজাব আইনত কেনে ধৰণৰ পৰিৱৰ্তন কৰিব পাৰি সেয়া স্পষ্ট নহয়। এটৰ্নি জেনেৰেলে জনাইছে যে দুয়োটা বিভাগৰ এটা যুটীয়া প্ৰতিনিধি দলে বুধবাৰে সংসদৰ সাংস্কৃতিক আয়োগৰ স’তে সাক্ষাৎ কৰিছিল। তেওঁ দাবী কৰিছিল যে তেওঁলোকে হিজাব আইনৰ পৰিৱৰ্তনৰ বিষয়ে বিতং আলোচনা কৰিছে ।

শনিবাৰে ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিয়ে কয় যে ইৰাণৰ গণৰাজ্য আৰু ইছলামিক প্ৰতিষ্ঠানসমূহ সাংবিধানিকভাৱে শক্তিশালী ভেটিত প্ৰতিষ্ঠা কৰা হৈছে।

কিন্তু একে সময়তে, তেওঁ দাবী কৰে যে কিছুমান প্ৰক্ৰিয়াৰ জৰিয়তে দেশৰ সংবিধান সলনি কৰা সম্ভৱ। ৰাষ্ট্ৰপতিৰ বাৰ্তাই এটা সম্ভাৱ্য পৰিৱৰ্তনৰ ইংগিত দিয়ে ।

যোৱা দুমাহ ধৰি ইৰানত হিজাব বিৰোধী আইনে জোকাৰি গৈছে। ১৬ ছেপ্টেম্বৰত ইৰানৰ কুৰ্দিঅঞ্চলৰ বাসিন্দা ২২ বছৰীয়া মাহশা আমিনীক দেশখনৰ নীতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

মাহশাৰ অপৰাধ আছিল যে তেওঁ হিজাব ভালদৰে পৰিধান কৰা নাছিল। মাহশাৰ আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰে ।

তাৰ পাছত তেহৰাণকে ধৰি ইৰাণৰ বিভিন্ন চহৰ আৰু নগৰ অঞ্চলত সেই দেশৰ যুৱতীসকলে হিজাব খুলি চুলি কাটি ৰক্ষণশীল ইছলামিক শাসনৰ বিৰুদ্ধে মাত মাতে।

প্ৰতিবাদ হয় ফুটবল খেলপথাৰতো ।বিশ্বকাপৰ প্ৰথমখন খেলত সেই দেশৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় সংগীতত যোগদান কৰা নাছিল ।

গেলেৰীত দেখা যায় যে সেই দেশৰ যুৱতীসকলে মহশা আমিনী নামৰ জাৰ্চী পিন্ধি নীৰৱে প্ৰতিবাদ কৰিছে।তেহৰাণ প্ৰশাসনে হিজাবৰ ক্ষেত্ৰত নিজৰ স্থিতিৰ পৰা আঁতৰি অহাৰ ইংগিত দিছে ।

প্ৰসংগত , ১৯৮৩ চনৰ পাছত, সেই দেশৰ আইন অনুসৰি, প্ৰতিজনী ছোৱালীয়ে বাধ্যতামূলকভাৱে হিজাবত মূৰ ঢাকিব লাগিব। যদি হিজাব পৰিধান নকৰে, বা সঠিকভাৱে পৰিধান নকৰে, দেশৰ সেনা, নীতি আৰক্ষীয়ে এই বিষয়ত হস্তক্ষেপ কৰে।

Exit mobile version