Congress : ‘ভাৰত জোড়ো’তেই অন্ত নপৰে, এইবাৰ দেশজুৰি ‘হাতে হাত’ ৰখাৰ কাৰ্যসূচী কংগ্রেছৰ

Bharat Jodo Yatra

Congress :

‘ভাৰত জোড়ো’ যাত্রাৰ সাফল্যৰ পাছত দেশজুৰি নতুন কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্রেছে । দলৰ সভাপতি নির্বাচিত হোৱাৰ পাছত মল্লিকার্জুন খৰ্গে (Mallikarjun Kharge) যি ষ্টিয়াৰিং কমিটী গঠন কৰিছিল, দেওবাৰে সেই ষ্টিয়াৰিং কমিটীৰ প্রথম বৈঠক আছিল ।

তাতেই সিদ্ধান্ত হৈছে ‘ভাৰত জোড়ো’ (Bharat Jodo) যাত্রাৰ পাছত দলৰ ধাৰাবাহিকতা অটুট ৰাখিবলৈ দেশজুৰি ‘হাত চে হাত জোড়ো’ কাৰ্যসূচী গ্রহণ কৰা হ’ব । ভাৰত জোড়ো যাত্রাৰ অন্ত পৰিব জানুৱাৰীত । জানুৱাৰীতেই এই নতুন কাৰ্যসূচী আৰম্ভ হ’ব ।

প্ৰকৃততে ৰাহুলৰ ‘ভাৰত জোড়ো যাত্রা‘ই (Bharat Jodo Yatra) কংগ্রেছৰ বাবে অনেকাংশে মৃত সঞ্জীৱনীৰ দৰে কাম কৰিছে । নিষ্ক্রিয় হৈ যোৱা বা ঘৰত বহি যোৱা কংগ্রেছ কর্মীসকল পুনৰ ৰাজপথত ওলাই আহিছে ।

কর্মীসকলৰ সেই উৎসাহ ৰাজনৈতিকভাৱে কাৰ্যত লগাবলৈ তৎপৰ হৈছে কংগ্রেছৰ শীর্ষ নেতৃত্ব । ‘ভাৰত জোড়ো’ যাত্রা আছিল অৰাজনৈতিক । এইবাৰ সম্পূৰ্ণ নিজৰ বেনাৰত নতুন যাত্রা আৰম্ভ কৰিব কংগ্ৰেছে ।

কি এই ‘হাত চে হাত জোড়ো’ যাত্রা ? কংগ্রেছৰ তৰফৰ পৰা জনোৱা হৈছে, ‘ভাথত জোড়ো’ৰ দৰে কেন্দ্রীয় স্তৰত নহয় । ভাথত জোড়ো যাত্রা হ’ব একেবাৰে ব্লকস্তৰত । দলৰ ব্লকস্তৰৰ কর্মীসকলে সৰু সৰু দল গঠন কৰিব । প্রতিটো ব্লকত প্ৰেৰণ কৰা হ’ব ৰাহুল গান্ধীয়ে স্বাক্ষৰ কৰা পত্ৰ ।

বিজেপিৰ মোদী (Narendra Modi) চৰকাৰৰ বিৰুদ্ধে চার্জশ্বিট । চৰকাৰৰ ব্যর্থতা জনসাধাৰণৰ দুৱাৰত লৈ যোৱাই মূল লক্ষ্য কংগ্রেছৰ (Congress) ।

কোৱা হৈছে, ২০২৪ৰ পূৰ্বে দলৰ সংগঠনক চাংগা কৰিব পাৰে এই কাৰ্যসূচীয়ে । যুৱ সমাজক লক্ষ্য কৰা হৈছে এই যাত্রাত ।

ষ্টায়াৰিং কমিটীৰ বৈঠকত আৰু এটা গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে কংগ্রেছে । আগন্তুক ফেব্রুৱাৰীত দলৰ তিনি দিনীয়া প্লেনাৰি ছেছনৰ আয়োজন হ’ব ছত্তিশগড়ৰ ৰায়পুৰত । বিধিমতে এই প্লেনাৰি ছেছনতেই বাছনি কৰা হ’ব কংগ্রেছৰ কার্যকৰী কমিটী বা কংগ্রেছ ৱর্কিং কমিটীৰ ।

সমগ্ৰ দেশৰ এআইচিচি (AICC) সদস্যসকল এই প্লেনাৰি ছেছনত উপস্থিত থাকিব । তাতেই সিদ্ধান্ত লোৱা হ’ব আগন্তুক দিনত দল কোন পথে যাব ।

Exit mobile version