FIFA World Cup : জিদানৰ পাছত কেমেৰুণৰ খেলুৱৈয়ে গ’ল দিয়েই পালে ৰঙা কাৰ্ড

1446334727 1

FIFA World Cup :

ফুটবল মেচত ৰঙা কার্ড পোৱাটো কোনো খেলুৱৈৰ বাবে সুখপ্রদ বিষয় নহয়। বহু সময়ত শাস্তিপ্রাপ্ত খেলুৱৈজন ক্রুদ্ধ হৈ পৰাও দেখা যায়। সেইদৰে ৰেফাৰীজনেও খেলুৱৈৰ নীতিবিৰুদ্ধ খেলত কঠোৰ হৈয়েই ৰঙা কাৰ্ড প্ৰদৰ্শন কৰে।

অৱশ্যে যোৱা নিশা কেমেৰুণ আৰু ব্ৰাজিলৰ মাজৰ খেলখনত দেখা গ’ল সম্পূর্ণ ভিন্ন পৰিস্থিতি। খেলখনৰ অতিৰিক্ত সময়ত ভিনচেণ্ট আবুবাকাৰৰ একমাত্ৰ গ’লৰ সহায়ত কেমেৰুণে ব্ৰাজিলক পৰাজিত কৰে।

অথচ গ’ল দিয়াৰ তাৎক্ষণিক পাছতে ৰেফাৰীয়ে ভিনচেণ্টক ৰঙা কাৰ্ড প্ৰদৰ্শন কৰা দেখা যায়।আশ্চৰ্যকৰভাৱে সেই সময়ত খেলুৱৈ আৰু ৰেফাৰী উভয়ৰে মুখত দেখা গৈছিল হাঁহি, যি দৃশ্য ফুটবলত একেবাৰে অপৰিচিত।

উল্লেখ্য যে ফ্ৰান্সৰ কিংবদন্তি ফুটবলাৰ জিনেদাইন জিদানৰ পাছত ভিনচেণ্টেই প্রথম খেলুৱৈ, যি বিশ্বকাপৰ একেখন খেলতে গ’ল দিয়াৰ পাছত ৰঙা কাৰ্ড দেখা পালে।

আচলতে গ’ল দি দললৈ অভাৱনীয় জয় আনি দিয়াৰ উন্মাদনাৰ বাবেই ভিনচেণ্টে ৰঙা কাৰ্ড পাবলগীয়া হ’ল। যোৱা নিশাৰ খেলখন নিৰ্ধাৰিত ৯০ মিনিটলৈ গ’ল শূন্য হৈ আছিল।

অতিৰিক্ত সময়ৰ খেলত ভিনচেণ্টে আকস্মিকভাৱে ব্ৰাজিলৰ শিবিৰত আঘাত হানি গ’লটো দিয়ে। এই গ’লৰ সহায়তে বিশ্বকাপত প্ৰথমবাৰলৈ ব্ৰাজিলক পৰাজিত কৰিলে আফ্রিকা মহাদেশৰ কোনো দলে।

দললৈ অপ্রত্যাশিত জয় কঢ়িয়াই আনি ভিনচেণ্ট ইমানেই উল্লসিত হৈ পৰে যে নিজৰ জাৰ্ছী খুলি তেওঁ আনন্দ প্রকাশ কৰে। ফুটবলৰ নিয়ম অনুসৰি, কোনো ফুটবলাৰে খেলপথাৰত জাৰ্ছী খুলিলে তেওঁৰ হালধীয়া কার্ড দেখুওৱা হয়।

ভিনচেণ্টৰ ক্ষেত্ৰতো সেয়াই হ’ল। অথচ ইয়াৰ পূৰ্বেও তেওঁ এবাৰ হালধীয়া কাৰ্ড দেখা পাইছিল। ফলত দ্বিতীয়খন হালধীয়া কাৰ্ড খেলৰ নিয়ম অনুসৰি ৰঙা কাৰ্ডলৈ ৰূপান্তৰিত হয়।

অৱশ্যে ইয়াত কোনো আপত্তি নকৰিলে আনন্দত উন্মনা হৈ থকা ভিনচেণ্টে। হাঁহিমুখেৰে তেওঁ ৰঙা কার্ড মানি লয়। আনকি ৰঙা কার্ড দেখাৰ পাছতে তেওঁ ৰেফাৰীৰ স’তে কৰমৰ্দনো ভিনচেটৰ হাঁহি দেখি ৰেফাৰীজনৰো মুখত হাঁহি বিৰিঙি উঠে।

স্মর্তব্য যে ২০০৬ত ইটালীৰ বিপক্ষে বিশ্বকাপৰ ফাইনেলত গ’ল দিছিল জিদানে। ফ্ৰান্সৰ তাৰকা ফুটবলাৰ্জনৰ সেইখনেই আছিল অন্তিম আন্তর্জাতিক মেচ।

গ’ল দিয়াৰ কিছু সময়ৰ পাছতে ইটালীৰ ডিফেণ্ডাৰ মাৰ্কো মাটেৰাজ্জিয়ে প্ৰৰোচনামূলক মন্তব্য কৰাত হিতাহিত জ্ঞান হেৰুৱাই জিদানে তেওঁৰ বুকুত মূৰেৰে খুন্দা মাৰিছিল।

লগে লগে ৰঙা কার্ড প্রদর্শন কৰি তেওঁক ৰেফাৰীয়ে খেলপথাৰৰ পৰা বহিষ্কাৰ কৰিছিল। তাৰ ১৬ বছৰৰ পাছত গ’ল দিয়াৰ পাছত ৰঙা কাৰ্ড পালে ভিনচেণ্টে।

Exit mobile version