World Cup : ‘ভাৰ’-আক্রান্ত কাটাৰ বিশ্বকাপ

৪৮খন মেচত বাতিল ১৭টা গ’ল : আঠটা পেনাল্টি

1000

World Cup :

বলে গ’ল প’ষ্টৰ মাজেদি গৈ জালত আশ্রয় লোৱাৰ পাছতো আনন্দ কৰিব পৰা নাই ফুটবলাৰে। বৰঞ্চ গ’ল দিয়েই তেওঁলোকে প্রথমে চাবলগীয়া হৈছে ৰেফাৰীৰ ফালে। ৰেফাৰীয়ে কাণত লগোৱা যন্ত্ৰৰ মাধ্যমেৰে কাৰোবাৰ স’তে কথা পতা নাইতো!

কথা পতা দেখিলেই গ’ল দিয়া দলৰ মাজত সৃষ্টি হয় আশংকা। কাৰণ বাতিল হ’ব পৰে গ’ল। বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ ৪৮খন খেলতে দেখা গ’ল ‘ভাৰ’ৰ আতংক। মুঠতে কাটাৰ বিশ্বকাপ এতিয়া ‘ভাৰ’-আক্রান্ত।

২০২০ৰ ইউৰ’ কাপৰ পাছত এইবাৰ বিশ্বকাপতো প্ৰয়োগ কৰা হৈছে ‘ভিডিঅ’ এছিষ্টেণ্ট ৰেফাৰী’ (ভাৰ) প্রযুক্তি। খেল পৰিচালনা কৰাৰ সময়ত যাতে ৰেফাৰীৰ কোনো সিদ্ধান্ত ভুল নহয়, তাৰ বাবেই এই ‘ভাৰ’ প্ৰযুক্তিৰ সহায় লোৱা হৈছে।

যাৰ বাবে বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ মুঠ ৪৮খন খেলত ১৭টা গ’ল বাতিল হৈছে। ইয়াৰ ভিতৰত আছে লিয়নেল মেছি, ক্রিষ্টিয়ানো ৰোণাল্ডো আদিৰো গ’ল। এই ১৭টা গ’লৰ ভিতৰত ‘অপেন প্লে’ৰ পৰা নটা গ’ল বাতিল হৈছে।

অর্থাৎ ফুটবলাৰে গ’ল দিয়াৰ পাছতে ফাউল কৰাৰ বাবে সেই গ’ল বাতিল কৰে ৰেফাৰীয়ে৷ ৰোণাল্ডোৰ গ’ল এটাও সেইদৰে বাতিল হয়। বাকী আঠটা গ’ল বাতিল হৈছে ‘অফ ছাইড’ৰ বাবে।

এই সকলো গ’ল ‘ভাৰ’ৰ সহায়তে ৰেফাৰীয়ে বাতিল কৰিছে। এই ক্ষেত্ৰত ‘ভাৰ’ প্ৰযুক্তিৰ দায়িত্বত থকা ৰেফাৰীয়ে খেলপথাৰৰ ৰেফাৰীক পৰামর্শ দিয়ে। সেই পৰামৰ্শ মানিয়ে গ’ল বাতিল কৰে ৰেফাৰীয়ে৷

এইবাৰৰ বিশ্বকাপত গ্ৰুপ পৰ্যায়ৰ খেলত ‘ভাৰ’ প্ৰযুক্তিৰ সহায়ত ৰেফাৰীয়ে আঠটা পেনাল্টিৰো নিৰ্দেশ দিয়ে। তাৰ ভিতৰত অৱশ্যে পাঁচটা পেনাল্টিতে গ’ল দিয়াত ব্যর্থ হয় ফুটবলাৰ, যাৰ ভিতৰত মেছিও আছে। অৱশ্যে ‘ভাৰ’ৰ সাহায্যত ৰেফাৰীয়ে পেনাল্টি দিছিল যদিও ইয়াক কেন্দ্ৰ কৰি বিতর্কৰো সৃষ্টি হয়।

অৱশ্যে পোলেণ্ডৰ গ’লকীপাৰ শ্বেজনীয়ে মেছিৰ শ্বট প্রতিহত কৰে। উল্লেখ্য যে ‘ভাৰ’ৰ সহায়ত পেনাল্টি বাতিলো হৈছে। বেলজিয়ামৰ বিপক্ষে
ক্ৰ’ৱেছিয়াৰ পক্ষত ৰেফাৰীয়ে পেনাল্টি দিছিল। অৱশ্যে ‘ভাৰ’ প্ৰযুক্তিৰ সহায়ত ৰেফাৰীয়ে সেই পেনাল্টি নাকচ কৰে।

কাৰণ ক্ৰ’ৱেছিয়াৰ ফুটবলাৰক ফাউল কৰাৰ পূৰ্বে দলটোৰ এজন খেলুৱৈ অফ ছাইডত আছিল। ইফালে, ‘ভাৰ’ৰ সাহায্যত এইবাৰ গ’লো হৈছে। লাইন্সমেনে অফ ছাইডৰ কাৰণে দুটা গ’ল বাতিল কৰিছিল।

যদিও পাছত ‘ভাৰ’ প্রযুক্তিয়ে সেই সিদ্ধান্ত খাৰিজ কৰে। সবাতোকৈ উল্লেখনীয় হৈছে এইবাৰ ‘ভাৰ’ৰ সহায়ত খেলুৱৈক ৰঙা কাৰ্ড প্ৰদান। ইৰানৰ বিপক্ষ ৱেলছৰ গ’লকীপাৰ ওৱেন হেনছিয়ে ফাউল কৰে।

তেওঁ বক্সৰ বাহিৰত ইৰানৰ মেহদি তাৰেমিক ফাউল কৰিছিল।ৰেফাৰীয়ে প্রথমে তেওঁক হালধীয়া কার্ড দেখুৱায়, কিন্তু পাছত ‘ভাৰ’ৰ সাহায্য লৈ ৰেফাৰীয়ে গ’লকীপাৰ্জনক ৰঙা কাৰ্ড প্ৰদৰ্শন কৰে। অৱশ্যে গ্রুপ পৰ্যায়ৰ খেলত ‘ভাৰ’ৰ সহায়ত এজন খেলুৱৈকহে ৰঙা কাৰ্ড দেখুওৱা হৈছে।

Exit mobile version