Athgaon Theft : মহানগৰীৰ আঠগাঁৱৰ আলুগুদামত চোৰৰ চাফাই অভিযান

লুটি নিলে নগদ ধন সহ সোণৰ আ-অলংকাৰ

gold thief thinkstock 759

Athgaon Theft :

মহানগৰীত পুনৰ চোৰৰ চাফাই অভিযান ৷ সদাব্যস্ত ব্যৱসায়িকস্থল আঠগাঁৱৰ আলুগুদামত সংঘটিত চুৰি কাণ্ড ৷ চৰিফুল ইছলাম নামৰ এজন ব্যক্তিৰ ঘৰত নিশা চোৰে খিৰিকীৰ গ্ৰীল ভাঙি লুটিলে সোণৰ আ- অলংকাৰ সহ নগদ ধন ।

প্ৰাপ্ত খবৰ মতে আলু গুদাম অঞ্চলৰ বাসিন্দা চৰিফুল ইছলামৰ বাসগৃহত নিশা গৃহস্থ শুই থাকোঁতে চোৰে ঘৰৰ খিৰিকীৰ লোহাৰৰ গ্ৰীল ভাঙি সমস্ত বয়বস্তু লণ্ড-ভণ্ড কৰি গ‘ডেছ ভাঙি লৈ লুটি নিয়ে লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন ।

চুৰি কাণ্ডৰ সময়ত গৃহস্থ চৰিফুল ইছলাম নাছিল যদিও তেওঁৰ পত্নী আৰু জীয়ৰী শুই আছিল। চৰিফুলৰ পত্নীয়ে সাংবাদিকক জানিব দিয়া মতে নিশা তেওঁলোকক অচেতনজাতীয় দ্ৰব্য স্পে’ কৰিছিল ৷

পুৱাৰ শোৱাৰ পৰা উঠোতে মাতৃ- কন্যা দুয়োৰে মুৰ আচণ্ডাই আছিল৷ পুৱা বহু পলমকৈ সাৰ পাইছিল৷আৰু প্ৰত্যক্ষ কৰে ঘৰ সকলো বয়বস্তু লণ্ড-ভণ্ড অৱস্থাত থকা ৷ ইতিমধ্যে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

উল্লেখ্য যে যোৱা দুমাহদিন ধৰি আঠগাঁও অঞ্চলত ধাৰাবাহিকভাৱে সংঘটিত কৰি আহিছে চুৰি কাৰ্য ৷ কিন্ত এইক্ষেত্ৰত আৰক্ষীয়ে কোনো সময়োচিত ব্যৱসায় নোলোৱাৰ অভিযোগ কৰিছে স্থানীয় আবাসীয়ে ৷

Exit mobile version