Basistha Fire : মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ অগ্নিকাণ্ড

জুইত ভস্মীভূত হ'ল লক্ষাধিক টকাৰ সা-সম্পত্তি

3dd8f721 2bfb 4e55 8d7c 5af7f8b85b71

Basistha Fire :

মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটো ভস্মীভূত হয় কে’বাটাও বাসগৃহ৷ বশিষ্ঠৰ অমৃত নগৰ নেপালী বস্তিত আজি বিয়লী এটা বাসগৃহৰ পৰা সূত্ৰপাত হোৱা জুইয়ে পলকতে আগুৰি ধৰে কে’বাটাও বাসগৃহ ।

অগ্নিকাণ্ডৰ ফলত কে’বাটাও বাসগৃহৰ চিলিণ্ডাৰ বিস্ফোৰণে পৰিস্থিতি অতি ভয়াৱহ কৰি তোলে ৷ অগ্নিকাণ্ডটোত লক্ষাধিক টকাৰ সা- সম্পত্তি জুইত জাঁহ যায় ৷

অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ বহু সময় অহৰহ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে বশিষ্ট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লৈ অগ্নিকাণ্ডৰ তদন্ত আৰম্ভ কৰে ৷

Exit mobile version