Changsari Robbery Incident :চাংসাৰিত দিন-দুপৰতে চাঞ্চল্যকৰ ডকাইতি

আৰক্ষীৰ বেশত অহা দুৰ্বৃত্তই লুটি নিলে ৩১ লাখ টকা

WhatsApp Image 2022 12 05 at 15.36.47

Changsari Robbery Incident :
মহানগৰীত দুৰ্বৃত্তই নানান অপৰাধমুলক কাৰ্যৰে আৰক্ষীক চেলেন্স দি অহাৰ পিচত এইবাৰ দুৰ্বৃত্তৰ টাৰ্গেট মহানগৰীৰ উপকন্ঠ অঞ্চল ৷

দিন দুপৰতে দুৰ্বৃত্তই লুটিলে প্ৰায় ৩১ লক্ষাধিক টকা ৷কামৰূপ জিলাৰ চাংসাৰিত সোমবাৰে দুপৰীয়া সংঘটিত এই চাঞ্চল্যকৰ ঘটনা ৷

আৰক্ষীৰ পোছাক পৰিহিত দুৰ্বৃত্তই দল এটাই চাংসাৰি থানাৰ নিচেই কাষতে থকা ভাৰতীয় খাদ্য নিগমৰ সন্মুখৰ পৰাই লুট কৰি নিয়ে বৃহৎ পৰিমাণৰ ধন খিনি ৷

প্ৰাপ্ত খবৰ অনুসৰি এফ চি আইত খাদ্য সৰবৰাহৰ যোগানৰ কামত নিয়োজিত হৈ থকা শংকৰজ্যোতি ট্ৰাক মালিক সন্থাৰ ধন খিনি লৈ এখন বলেৰো বাহনত আহিছিল ট্ৰাক মালিক সন্থাৰ বিষয়ববীয়া ৰঞ্জিত নাথ ৷

কিন্ত এফ চি আইৰ সন্মুখত আৰক্ষীৰ বেশত অহা দুৰ্বৃত্তৰ দলটোৱে গাড়ী খন আগভেটি ধৰি তালাচী চলোৱাৰ অচিলা লৈ ৩১লাখ টকা ভৰ্তি বেগটো লৈ উধাও হয় ৷

চাঞ্চল্যকৰ ডকাইতি ঘটনা সংঘটিত হোৱাৰ পিচতে চাংসাৰি আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্তৰ সন্ধানত অভিযান চলোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version