Child Death : নাৰিকলৰ টুকুৰা লৈ খেলি থকাৰ অৱস্থাতে কৰুণ মৃত্যুক সাৱটিলে এবছৰীয়া শিশুৱে

download 8

Child Death :

নাৰিকলৰ টুকুৰা ডিঙিত লাগি মৃত্যুমুখত পৰে এটি শিশু । ঘটনাটো দেওবাৰে তেলেংগানাৰ ৱাৰাংগলৰ নেক্কোণ্ডা অঞ্চলত সংঘটিত হয় ।

আৰক্ষীৰ সূত্ৰ অনুসৰি, পুৱা প্ৰায় ৪.৩০ মান বজাত মণিকান্ত নামৰ এটি এবছৰীয়া শিশুৱে নাৰিকলৰ টুকুৰা এটালৈ খেলি আছিল। খেলি থাকোতে, টুকুৰাটো হঠাৎ তেওঁৰ ডিঙিত লাগে ।

তেওঁ তীব্ৰ উশাহ-নিশাহৰ সমস্যাত ভুগিবলৈ আৰম্ভ কৰে । লগে লগে শিশুটোক পিতৃ-মাতৃয়ে নিকটবৰ্তী চিকিৎসালয়লৈ লয় যায় । কিন্তু চিকিৎসালয়লৈ যোৱাৰ পথতে শিশুটিৰ মৃত্যু হয়।

এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে সেইদিনা মণিকান্তৰ ঘৰত পূজা আছিল । হঠাতে পুৱা তেওঁ কান্দিবলৈ ধৰিলে। তেওঁৰ মাক দেউতাকে কান্দোন বন্ধ কৰিবলৈ তেওঁৰ হাতত নাৰিকল এটুকুৰা তুলি দিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, নাৰিকলৰ স’তে খেলি থাকোতেই সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা । শিশুটোক লগে লগে ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও । চিকিৎসালয়লৈ যোৱাৰ পথতে তেওঁ মৃত্যুবৰণ কৰে।

Exit mobile version