Child Death : ভেণ্টিলেটৰ বিকল হৈ মৃত্যু চাৰি সদ্যাজাতৰ ! কাঠগড়াত ছত্তীশগড়ৰ চৰকাৰী চিকিৎসালয়

1670230723 vantilation

Child Death :

ভেণ্টিলেটৰ বন্ধ হয় চিকিৎসালয়ত মৃত্যু হ’ল চাৰিটা শিশুৰ । ঘটনাটো দেওবাৰে ছত্তীশগড়ৰ অম্বিকাপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত সংঘটিত হৈছে ।

অনুমান কৰা হৈছে যে নিশা পলমকৈ চিকিৎসালয়ত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰ বাবে ভেণ্টিলেটৰটো বন্ধ হৈ যায় । ইয়াৰ ফলত, চাৰিটা নৱজাতক শিশুৰ মৃত্যু হয়।

এই ঘটনাত চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে মৃত চাৰিটা শিশুৰ পৰিয়ালৰ সদস্যসকলে । এই ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া চিকিৎসালয়ৰ সম্মুখত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ।

জিলা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকল তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় ।মাতৃ আৰু শিশু বিভাগৰ পৰিস্থিতিটো বিতংভাৱে দাঙি ধৰিব বুলি তেওঁলোকে জনাই ।

চিকিৎসালয়ৰ চিকিৎসকসকলৰ মতে, চাৰিৰ পৰা পাঁচ ঘণ্টাৰ ভিতৰত চাৰিটা শিশুৰ মৃত্যু হয়। অৱশ্যে, জিলা স্বাস্থ্য বিভাগৰ এজন বিষয়া কুন্দন কুমাৰে জনাই যে বিদ্যুৎ বিভ্ৰাটৰ ফলত নৱজাতকৰ মৃত্যু হোৱা নাছিল।

তেওঁ এইটোও কয় যে ভেণ্টিলেটৰটোও বন্ধ হোৱা নাই। শিশুকেইটাৰ মৃত্যুৰ আঁৰত কি আছে জানিবলৈ এটা অনুসন্ধান কৰা হ’ব। ভেণ্টিলেটৰৰ ফলত তেঁওলোকৰ মৃত্যু হ’লেও ই প্ৰকাশ্যেত অহাৰ প্ৰয়োজন বুলি কন্দনে জনাইছে।

Exit mobile version