Dominique Lapierre : ৯১ বছৰ বয়সত দেহাৱসান ফৰাচী সাহিত্যিক দোমিনিক লপিয়েৰৰ

dominique lapierre

Dominique Lapierre :

প্রয়াত হ’ল ‘চিটি অৱ জয়’ গ্রন্থৰ লিখক দোমিনিক লপিয়েৰ । সংবাদ সংস্থা এএফপি-য়ে লপিয়েৰৰ পত্নীক উদ্ধৃত কৰি জনায়, যোৱা চাৰি ডিচেম্বৰত প্রয়াত হৈছে ৯১ বছৰৰ ফৰাচী সাহিত্যিকগৰাকীৰ ।

জন্মসূত্রে ফৰাচী লেখকগৰাকীয়ে ভাৰতৰ প্রতি অমোঘ টান অনুভৱ কৰিছিল । কলকাতা চহৰত এজন ৰিক্সাচালকৰ জীৱনসংগ্রামক লৈ তেওঁ লিখিছিল ‘চিটি অৱ জয়’ । এই উপন্যাসে একেনিশাতে খ্যাতি আনি দিছিল তেওঁক । পাছত এই উপন্যাসৰ আধাৰত ছবিও নিৰ্মাণ হয় ।

১৯৩১ৰ ৩০ জুলাই ফ্রান্সৰ ছাতেলাইলোঁ প্লাজ চহৰত জন্ম লপিয়েৰৰ । এসময়ত আমেৰিকান সাহিত্যিক লেৰি কলিন্সৰ স’তে যৌথভাৱে ৰচিত তেওঁৰ উপন্যাস ‘দ্য ফিফথ হৰ্ছমেন’ বেষ্ট ছেলাৰ হৈছিল । তেওঁৰ ছখন গ্ৰন্থৰ পাঁচ কোটি কপি নিমিষতে বিক্রী হৈ গৈছিল ।

হিটলাৰে জার্মানী ফ্রান্স দখল কৰাৰ পাছত ফৰাচীসকলৰ জীৱনযাপন কেনেদৰে সলনি হৈছিল, তাক লৈ লপিয়েৰৰ লিখা তেওঁৰ বিখ্যাত গ্রন্থ ‘ইজ পেৰিছ বার্নিং?’ । সমকালৰ নানা ঘটনাই বাৰে বাৰে তেওঁক বিচলিত কৰিছে ।

অৱশ্যে বাতানুকূল ঘৰ বা গজদন্তমিনাৰত বহি সমকালক জৰীপ কৰা নাই তেওঁ । ইয়াতেই হয়তো তেওঁৰ বিশিষ্টতা । ১৯৮৪ৰ ভূপাল গেছ দুর্ঘটনাৰ পাছত স্থানীয় লোকৰ জীৱনত কি প্রভাৱ পৰিল, তাক লৈ গৱেষণা কৰিবলৈ তিনি বছৰ মধ্যপ্রদেশৰ এই চহৰত কটাই দিছিল তেওঁ ।

যিসকল লোক গেছ দুর্ঘটনাৰ বলি হৈছিল, তেওঁলোকৰ ভাষ্যত প্রাণ পাই উঠিছিল ‘ফাইভ পাষ্ট মিডনাইট ইন ভূপাল’ । এই ইতিহাস-ভিত্তিক গ্রন্থৰ অৱশ্যে সহলেখক আছিল লপিয়েৰ ।

গোটেই জীৱনৰ যাৱতীয় সঞ্চয় তেওঁ উজাৰি দিছিল যক্ষ্মা আৰু কুষ্ঠৰোগীসকলৰ চিকিৎসাৰ বাবে । তেওঁ এক সাক্ষাৎকাৰত জনাইছিল, গ্ৰন্থ বিক্রীৰ বাবদ পোৱা টকাখিনিৰে ২৪ বছৰচ শতাধিক ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ।

ইয়াৰ বাবে তেওঁৰ পাঠকসকলক ধন্যবাদো জনাইছিল তেওঁ । তেওঁৰ সাহিত্যজীৱনক স্বীকৃতি জনাবলৈ ২০০৮ত লপিয়েৰক পদ্মভূষণ সন্মানেৰে বিভূষিত কৰে ভাৰত চৰকাৰে ।

তেওঁৰ বিখ্যাত গ্রন্থসমূহৰ ভিতৰত ‘ফ্রিডম এট মিডনাইট’, ‘অৰ আই উইল ড্রেছ ইউ ইন মোর্নিং’, ‘অ’ জেৰুছালেম’, বিশেষ উল্লেখযোগ্য । এই কামবোৰে সমগ্ৰ বিশ্বত তেওঁক খ্যাতিৰ চূড়াত উপনীত কৰিছিল ।

অৱশ্যে ইয়াৰ উপৰিও এগৰাকী ফৰাচীৰ ভাৰবৰ্ষৰ প্ৰতি ভালপোৱা, গংগাৰ ঘাটত ভাবুক হৈ বহি থকা এক আন্তর্জাতিক সাহিত্যিকৰ অভাৱ অনুভৱ কৰিব বিশ্বৰ পাঠক সমাজে ।

Exit mobile version