Gujarat Temple:গুজৰাট মন্দিৰত হাতীৰ মূৰ্তিৰ তলত আবদ্ধ ভক্ত

WhatsApp Image 2022 12 05 at 20.07.22

Gujarat Temple:

ভাৰত হৈছে বিভিন্ন ধৰ্মালম্বীলোকৰ দেশ। মানুহে প্ৰায়ে ঐশ্বৰিক শক্তিৰ পৰা আশীৰ্বাদ বিচাৰি দৰ্শন কৰে মন্দিৰ।কেতিয়াবা মানুহে আৰাধ্য দেৱতাক সন্তুষ্ট কৰিবলৈ কেতবোৰ অতুলনীয় বা প্ৰত্যাহ্বানজনক কাম কৰিবলৈ চেষ্টা কৰে। অৱশ্যে ই সদায়ে তেওঁলোকৰ পক্ষত কৰাটো সম্ভৱ নহয়।

আৰাধ্য দেৱতাক সন্তুষ্ট কৰিবলৈ গৈ গুজৰাটৰ এটা মন্দিৰত সংঘটিত হ’ল এক অঘটন ৷ এজন ভক্তৱান যুৱকে মন্দিৰত থকা শিলৰ হাতীৰ মূৰ্তিৰ তলেদি পাৰ হ’বলৈ গৈ আদবাটতে হৈ পৰে আবদ্ধ ।

জনশ্ৰুতি অনুসৰি হাতী মুৰ্তিটোৰ তলেৰে পাৰ হ’লে মনোবাঞ্ছা পূৰণ হয় ৷ এই বিশ্বাস সৰোগত কৰিবলৈ গৈ মূৰ্তিটোত আবদ্ধ হৈ পৰে ভক্তজন ৷

ওলাই আহিবলৈ অপ্ৰাণ চেষ্টা কৰিছিল যদিও বিফল হোৱা দেখা যায় । নিতীন নামৰ টুইটাৰ ব্যৱহাৰকাৰী এজনে শ্বেয়াৰ কৰা ভিডিঅটোতত দেখা গৈছিল যে মুৰ্তিটোৰ মাজত আবদ্ধ হৈ পৰা ভক্তজনে ওলাই আহিবলৈ হাত আৰু শৰীৰ ব্যৱহাৰ কৰা দেখা যায় ৷ কিন্ত বাৰেপতি তেওঁ বিফল হয় ৷

আনকি মন্দিৰৰ পুৰোহিত এজনে ভক্তজনক মূৰ্তিটোৰ পৰা ওলাই আহিবলৈ সহায় কৰে। বহুতো দৰ্শনাৰ্থীয়ে ভক্তজনক পৰামৰ্শ দিয়া দেখা গৈছে। তেওঁ আনকি শৰীৰটো ঘূৰাই দিবলৈ চেষ্টা কৰে আৰু মানুহে সহায়ৰ হাতও প্ৰদান কৰে কিন্তু মানুহজন আবদ্ধ হৈয়ে থাকে।

ভিডিঅ’টোৰ পৰা এইটো স্পষ্ট নহয় যে মানুহজনে পৰৱৰ্তী সময়ত মূৰ্তিটোৰ পৰা ওলাই আহিবলৈ সক্ষম হ’লে নে নাই। শ্বেয়াৰ কৰাৰ পিছত ভিডিঅ’টো ৪০,০০০ হাজাৰৰো অধিক লোকে দৰ্শন কৰিছে ৷

উল্লেখ্য যে অনুৰূপ ঘটনা এটা ঘটনা ২০১৯ চনত সংঘটিত হৈছিল ৷যেতিয়া এগৰাকী মহিলা ভক্তও সৰু হাতীৰ মূৰ্তিটোৰ ভৰিৰ মাজদি পাৰ হ’বলৈ গৈ আবদ্ধ হৈ পৰিছিল ।

মহিলা গৰাকীয়ে মূৰ্তিটোৰ পৰা বাহিৰলৈ ওলাই যাবলৈ চেষ্টা কৰিছিল আৰু বহুতো মানুহে তেওঁক সহায় কৰিবলৈ আহিছিল।

ভিডিঅ’টোত দেখা গৈছিল যে বহু চেষ্টাৰ অন্তত মহিলা গৰাকী নিৰাপদে ওলায় আহিবলৈ সক্ষম হয় ৷ মহিলা গৰাকীৰ এই প্ৰচেষ্টাক সহভক্তসকলে প্ৰশংসা আৰু উল্লাস কৰিছিল।

Exit mobile version