Highly Intelligent People Habits : বুদ্ধিমান বা চিন্তাশীল লোকৰ থকা পাঁচটা অভ্যাস কি ?

intelligent

Highly Intelligent People Habits :

মানুহৰ কিছুমান অভ্যাস দেখিলেই বুজা যাই যে মানুহজন কিমান বুদ্ধিমান চিন্তাশীল । আচলতে চিন্তাশীল লোকৰ কিছুমান বিশেষ অভ্যাস দেখা পোৱা যায় ।

সকলো মানুহ সমান নহয় । যেনেকৈ সকলোৰে পাঁচোটা আঙুলি সমান নহয় । সমাজত থকা ব্যক্তিবিশেষৰ মাজত ভিন্ন অভ্যাস দেখা পোৱা যায় ।

যেনেকৈ প্ৰত্যেক মানুহৰ বিশেষ কিছুমান গুণ দেখিবলৈ পোৱা যায় । কিছুমান মানুহৰ লক্ষণ দেখিলেই আমি বুজি পাওঁ যে মানুহজন মেধাবী বা বুদ্ধিমান ।

আচলতে মানুহজনৰ অভ্যাসে কয় যে , তেওঁ এজন বুদ্ধিমান লোক । বুদ্ধিমান ব্যক্তিৰ কিছুমান বিশেষ অভ্যাস বা গুণ দেখা পোৱা যায় । যেনে –

১/ ৰাতি টোপনি নোযোৱা : বেছিভাগ বুদ্ধিমান পুৰুষ-মহিলাৰে বহু নিশালৈকে টোপনি নাহে । তেওঁলোকে নিশাৰভাগত কিতাপ পঢ়ে বা বিভিন্ন বিষয়ত চিন্তা কৰি সময় পাৰ কৰে ।

ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে , বেছিভাগ প্ৰতিভাৱান ও বুদ্ধিমান মানুহ অনিদ্ৰাৰ সমস্যাত ভোগে । বুদ্ধিমান ব্যক্তিৰ আত্মজীৱনীত উল্লেখ পোৱা যায় যে , তেওঁলোকৰ টোপনি কম । নিশাৰভাগত তেওঁলোকে বিভিন্ন বিষয়ত চিন্তা কৰি সময় পাৰ কৰে ।

একেদৰে বিজ্ঞান, খেলা-ধূলা , ব্যৱসায় , ৰাজনীতি বা শিল্পকলাৰ সৈতে জড়িত লোকৰো টোপনিৰ অভাৱ দেখা যায় । কিছু কৰাৰ আৱেগে তেনে ব্যক্তিৰ কম টোপনিৰ অভ্যাস গঢ়ি তোলে ।

বিদ্যুতৰ আৱিষ্কাৰক নিকোলা টেচলাই নিশা মাত্ৰ দুঘণ্টাৰ পৰা তিনি ঘণ্টা পৰ্যন্ত টোপনি গৈছিল । একেদৰে বিখ্যাত চিত্ৰকৰ লিওনাৰ্দো ভিন্সিও নিশা মাত্ৰ তিনি ঘণ্টা সময় শুৱ পাৰিছিল ।

২/ সাধাৰণ কথা পাহৰি যায় : বুদ্ধিমান বা চিন্তাশীল ব্যক্তিয়ে প্ৰায়ে কথা পাহৰা অভ্যাস থাকে । ‘ফৰগেটিং’ নামৰ এটা প্ৰৱন্ধত পোৱা গৈছে যে , অসাধাৰণ বুদ্ধিমত্তাৰ মানুহে সৰু-সৰু কথা মনত নেৰাখে ।

আচলতে তেওঁলোকে সকলো কথা মন নিদিয়ে । আনকি আইনষ্টাইনৰো স্মৃতিশক্তি কম আছিল । তেওঁ কেতিয়াও বাৰ , তাৰিখ আৰু ফোন নম্বৰ মনত ৰাখিব পৰা নাছিল ।

৩/ টোপনি যোৱাৰ পূৰ্বে অহা চিন্তা : বুদ্ধিমান লোকৰ টোপনি যোৱাৰ পূৰ্বে চিন্তা কৰা এটা অভ্যাস আছে । আজি কিমান কাম কৰিলে , কাইলৈ কি হ’ব , এই সকলোবোৰ টোপনিৰ আগতে বুদ্ধিমান লোকে চিন্তা কৰে ।

বিপৰীতে সাধাৰণ মানুহে বিচনাত পৰাৰ লগে লগেই টোপনি যায় , যদিও চিন্তাশীল ব্যক্তিয়ে বিভিন্ন বিষয়ক লৈ কে’বাদিনলৈ চিন্তা কৰি থাকে । ফলত এইসকল লোকে নিশাও মন-মগজু বিভিন্ন চিন্তাত ডুবাই ৰাখে ।

৪/ নিজৰ লগত কথা পাতে : বুদ্ধিমান মানুহৰ নিজৰ লগত কথা পাতিলে মস্তিষ্কই ভালদৰে কাম কৰে । মস্তিষ্কৰ কোৱা কথাবোৰ মনৰ মাজত ৰাখি নিজৰ লগত কথা পাতি তাৰ উত্তৰ উলিয়াই ।

সেইয়েহে চিন্তাশীল ব্যক্তিয়ে প্ৰায় সময় নিজৰ লগত কথা পাতি সমস্যাৰ সমাধান কৰে ।

৫/ নতুনৰ প্ৰতি আসক্তি : চিন্তাশীল লোকসকলে নতুন বিষয়ৰ প্ৰতি আসক্ত হয় । বেছি নভৱাকৈ নতুন বস্তু বিচাৰি ফুৰাটো তেওঁলোকৰ আন এক অভ্যাস ।

Exit mobile version