Kaziranga Animal Corridor : বিলুপ্তপ্ৰায় প্ৰাণীৰ চোৰাংচিকাৰ , অংগ – প্ৰত্যংগও দেশ – বিদেশলৈ প্ৰেৰণ কৰিছে দুষ্টচক্ৰই

bad3f869 ec3c 406f 9ff3 3d4127cc4e9f

Kaziranga Animal Corridor :

এশিঙীয়া গঁড় নিধন কার্য সামান্য হ্রাস হ’লেও আন্তঃৰাষ্ট্ৰীয় বজাৰত থকা খৰ্গৰ চাহিদা পূৰণ কৰিবলৈ অসম তথা উত্তৰ-পূবত অস্বাভাৱিক হাৰত নিধন কৰা হৈছে বনৰৌ (পেংগ’লিন) তথা দুষ্প্রাপ্য কেমটাই পহু।

কেৱল বনৰৌৱে নহয়, শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পাইছে অন্যান্য বিলুপ্তপ্রায় প্ৰাণীৰ নিধন যজ্ঞ। উল্লেখ্য যে চলিত বৰ্ষত সৰবৰাহৰ চেষ্টা কৰা বৃহৎ পৰিমাণৰ বনৰৌৰ বাকলি, কে’বাটাও জীৱিত বনৰৌ, নাহৰফুটুকী, ঢেঁকীয়াপতীয়া বাঘৰ ছাল, লাওখোলা, নখ, দাঁত, শৰালি হাঁহ, ডাউক, সৰু ভাটৌ, বাঢ়ৈটোকা আদি বন্যপ্রাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৱে জব্দ কৰিবলৈ সক্ষম হোৱাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে।

দুষ্প্রাপ্য বন্যপ্রাণী সৰবৰাহৰ ক্ষেত্ৰত অসম একপ্ৰকাৰ কৰিড’ৰত পৰিণত হোৱাটোও বন্যপ্রাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ অভিযানসমূহে প্ৰমাণ কৰিছে। উল্লেখ্য যে গড়ৰ খৰ্গ আৰু বনৰৌৰ বাকলিত কোটিন নামৰ এবিধ বিশেষ পদাৰ্থ পোৱা যায় আৰু এই পদাৰ্থত ৰোগ নিৰাময়ৰ চমৎকাৰী গুণ থকা বুলি এক লোকবিশ্বাস আছে।

ফলত এই লোকবিশ্বাস অনুসৰি চীন আৰু ভিয়েটনামত ঘৰুৱা ঔষধ প্রস্তুতৰ ব্যৱহাৰত এই পদাৰ্থ বৃহৎ হাৰত ব্যৱহাৰ কৰা হয়। সেই বাবে গঁড়ৰ খৰ্গ আৰু বনৰৌৰ বাকলিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্যাপক চাহিদা আছে বুলি বন্যপ্রাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ সূত্ৰই সদৰী কৰিছে।

সূত্ৰটোৱে কয় যে বিগত বৰ্ষটোত অসম আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তত আৰক্ষী-সেনাৰ স’তে বন্যপ্রাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৱে অভিযান চলাই প্রায় ৭০ কিলোগ্রাম বনৰৌৰ বাকলি জব্দ কৰে।

জব্দকৃত এই বাকলিৰ বাবদ প্রায় তিনিশ বনৰৌ হত্যা কৰা হ’ল বুলি সূত্ৰটোৱে সদৰী কৰি বিগত বৰ্ষটোত বৃহৎ পৰিমাণৰ বনৰৌৰ বাকলি আৰু জীৱিত বনৰৌ জব্দ কৰা হৈছে বুলি কয়।

সূত্ৰটোৱে কয় যে চলিত বৰ্ষৰ ২৭ জানুৱাৰীত সোণাপুৰত চলোৱা এক অভিযানত ৪.১ কিলোগ্রাম বনৰৌৰ বাকলি জব্দ কৰাৰ লগতে এই সৰবৰাহত জড়িত সাতজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

একেদৰে সাত ফ্ৰেব্ৰুৱাৰীত ডিগবৈৰ পৰা ৬.৩ কিলোগ্রাম বনৰৌৰ বাকলিসহ তিনি সৰবৰাহকাৰী, ১৯ ফেব্ৰুৱাৰীত বৰপেটাৰ পৰা এটা জীৱিত চীনা বনৰৌ, ১৬ মাৰ্চত দুই কিলোগ্রাম বনৰৌৰ বাকলিসহ চাৰি সৰবৰাহকাৰী, ২৬ মে’ত বকোৰ পৰা ২.৮ কিলোগ্রাম বনৰৌৰ বাকলিসহ দুজন সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে বিভাগটোৱে।

উল্লেখ্য যে বনৰৌৱে হৈছে পৃথিৱীৰ একমাত্ৰ স্তন্যপায়ী প্রাণী যাৰ সৰ্বশৰীৰত ৰৌ মাছৰ দৰে বাকলিৰ নিচিনা বৰ্ম থাকে। ৰৌ মাছৰ দৰে চকলীয়া বাকলি থকা বাবেই অসমীয়াত ইয়াক বনৰৌ বুলি কোৱা হয়। উত্তৰ-পূব বিশেষকৈ চাৰিটা প্ৰজাতিৰ বনৰৌ বসতিস্থল আৰু জব্দ কৰা অধিকাংশ বনৰৌ ভাৰতীয় আৰু চীনা প্ৰজাতিৰ বুলি সদৰী কৰিছে সংস্থাটোৱে।

ইয়াৰ লগত জড়িত বিষয়াৰ লগতে বিশেষজ্ঞসকলে সদৰী কৰা অনুসৰি, একোটা বনৰৌৰ প্ৰায় ডেৰ কিলোগ্ৰামৰ পৰা ৩৩ কিলোগ্রাম পর্যন্ত ওজন থাকে। অৱশ্যে ভাৰতীয় প্ৰজাতিৰ বনৰৌৰ ওজন ১৮ কিলোগ্ৰামলৈ পোৱা যায় আৰু একোটা ডাঙৰ বনৰৌৰ পৰা প্ৰায় আধা কিলোগ্রাম শুকান বাকলি ওলায়।

অসম-মেঘালয়ৰ পৰা জব্দ কৰা বনৰৌসমূহৰ পৰা ডেৰ-দুশ গ্ৰামহে বাকলি ওলোৱাৰ তথ্য পোহৰলৈ আহিছে। ইফালে, কেৱল বনৰৌৱে নহয়, অন্যান্য বিলুপ্তপ্রায় জন্তু-পক্ষীৰ দেহৰ বিভিন্ন অংগ অসম তথা উত্তৰ-পূবৰ বিভিন্ন স্থানৰ পৰা সৰবৰাহ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে বনপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ অভিযানত।

বিভাগটোৱে সদৰী কৰা তথ্য অনুসৰি, চলিত বৰ্ষৰ আঠ ফেব্ৰুৱাৰীত অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল বান্দৰদেৱাৰ পৰা বনপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৱে ঢেঁকীয়াপতীয়া বাঘৰ এখন ছাল, বাঘৰ চাৰিটা জোঙা দাত, ১৮টা নখ, বৃহৎ পৰিমাণৰ বাঘৰ হাড়, অস্থি, জকা, ১৪.৪ কিলোগ্রাম বাঘৰ লাওখোলা জব্দ কৰিবলৈ সক্ষম হয়।

একেদৰে ২৯ মাৰ্চত নামেৰীত ১০৯ ডাল নাহৰফুটুকী বাঘৰ হাড়, চাৰিটা জোঙা দাঁত, ১২টা নখ জব্দ কৰাৰ লগতে ১৮ মে’ত আঠটা আৰু ২৪ মে’ত এটা জীৱিত দুষ্প্রাপ্য সৰু ভাটৌ জব্দ কৰিবলৈ সক্ষম হয়।

ইয়াৰ উপৰি সাত জুলাইত কামৰূপৰ পৰা নটা (ছয় কিলোগ্রাম) আৰু ১৩ ছেপ্টেম্বৰত মৰিগাঁৱৰ পৰা দুটা হাতীৰ দাঁত বিভাগটোৱে জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে বিগত বৰ্ষৰ ২৮ অক্টোবৰত বনপ্রাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৱে সৰবৰাহৰ চেষ্টা কৰা ১৯টা শৰালি হাঁহ আৰু দুটা দুষ্প্রাপ্য প্ৰজাতিৰ ডাউক বঙাইগাঁৱত জব্দ কৰিছিল।

এই জব্দকৃত সামগ্ৰীসমূহ দেশৰ বিভিন্ন প্রান্তলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল বুলি বিভাগীয় সূত্ৰই সদৰী কৰিছে।

Exit mobile version