Kidnap : আৰক্ষীক অপহৰণ কৰিলে দুগৰাকী মহিলা আৰক্ষীয়ে , আদালতৰ নিৰ্দেশত আটক দু’জন

images 3 2

Kidnap :

এগৰাকী আৰক্ষী পৰিদৰ্শকক অপহৰণ কৰাৰ অভিযোগত আদালতৰ নিৰ্দেশত দুগৰাকীমহিলা সহকৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে।

সেই মহিলা পৰিদৰ্শক আৰু কনিষ্টবল, দুয়োকে উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ মহিলা আৰক্ষী চকীত নিযুক্তি দিয়া হৈছিল।

অপহৃত আৰক্ষীজনৰ বিৰুদ্ধে এগৰাকী মহিলা কনিষ্টবলক বলাৎকাৰ কৰাৰ অভিযোগ আছে।

অপহৃত আৰক্ষী পৰিদৰ্শকৰ নাম নিশু তোমাৰ। জুলাই মাহত, তেওঁৰ সহকৰ্মীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

নিশু ২২ ছেপ্টেম্বৰত চুলতানপুৰৰ এখন স্থানীয় আদালতত আত্মসমৰ্পণ কৰিবলৈ গৈছিল। সেই সময়ত, তেওঁক চুলতানপুৰ মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মীৰা কুশৱাহাই গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱাৰ পাছতে পৰা নিশুৰ অনুসন্ধান পোৱা নাই ।

ইয়াৰ পাছতে নিশুৰ পত্নী কুসুম দেৱীয়ে আদালতৰ কাষ চাপে। তেওঁ আদালতক স্বামী নিশুক বিচাৰিবলৈ পদক্ষেপ ল’বলৈ আবেদন কৰে ।

মুখ্য ন্যায়িক আদালতৰ নিৰ্দেশত আৰক্ষী বিষয়া মীৰা আৰু এগৰাকী মহিলা কনিষ্টবলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় । চুলতানপুৰৰ আৰক্ষী অধীক্ষক সোমেন বাৰ্মাই কয় যে অপহৰণ, মৃত্যুৰ ভাবুকি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ এটা গোচৰ ৰুজু কৰা হৈছে।

অপহৃত নিশুক বিচাৰি উলিওৱাৰ বাবে এখন পাঁচ জনীয়া সমিতি গঠন কৰা হৈছে। অৱশ্যে, অপহৰণকাৰীসকলক এতিয়াও বিচাৰি পোৱা হোৱা নাই।

Exit mobile version