Maguri Motapung Beel : মাগুৰি মতাপুং বিললৈ পৰিভ্রমী পক্ষীৰ আগমনে আকৰ্ষিত কৰিছে পৰ্যটকক

পৰ্যটনৰ মানচিত্ৰত এই পক্ষী বিলে বহন কৰিছে গুৰুত্ব

IMG 20221205 WA0008

Maguri Motapung Beel :

তিনিচুকীয়া জিলাৰ মাগুৰি মতাপুং বিললৈ পৰিভ্রমী পক্ষীৰ আগমন হোৱাৰ লগে লগে পৰ্যটকৰো ভিৰ বাঢ়িছে । চৰাই-চিৰিকটি, বিভিন্ন জীৱৰ মাতে মুখৰ কৰি তুলিছে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ মাগুৰি মতাপুং বিল

এই বিলক লৈ পৰ্যটনথলী গঢ়ি উঠিছে । অসম তথা তিনিচুকীয়া জিলাৰ পৰ্যটনৰ মানচিত্ৰত এই পক্ষী বিলে গুৰুত্ব বহন কৰি আহিছে ।

উল্লেখযোগ্য যে, মাগুৰি মতাপুং বিল ২৭°৩৪’৪৯.৯২”ৰ পৰা ২৭°৩৪’৩৪.৯৮” উত্তৰ অক্ষাংশ লৈ আৰু ৯৫°২১’৩৭.৬৮”ৰ পৰা ৯৫°২৪’১১.৩৯” পূৰ্ব দ্ৰাঘিমাংশলৈ বিস্তৃত ।

মাগুৰি মতাপুং বিলখনক আইবিএ (Important Bird Area) হিচাপে Birdlife International and Bombay Natural History Society নামৰ এটা বেচৰকাৰী সংস্থাই স্বীকৃতি প্ৰদান কৰিছে ।

বিলখন শেহতীয়াকৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডলৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco Sensitive Zone) হিচাপে স্বীকৃতি প্ৰদান কৰিছে ।

প্ৰকৃতিৰ মনোমোহা অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ তিনিচুকীয়া জিলাৰ সদৰৰ নিচেই ওচৰৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ-পূৱ দিশত থকা বাৰেকুৰিৰ পুৰণি মতাপুং গাঁৱৰ কাষত আছে মাগুৰি মতাপুং বিল ।

জৈৱ-বৈচিত্ৰ্যৰে ভৰপুৰ তিনিচুকীয়া জিলাৰ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা প্ৰায় ১০ কিঃমিঃ আগুৰি থকা এই বৃহৎ বিলখনত নানান প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী পক্ষীয়ে বিচৰণ কৰে ।

বছৰৰ ছেপ্তেম্বৰ-অক্টোবৰৰ পৰা বিলখনলৈ পৰিভ্ৰমী পক্ষীসমূহৰ আগমন ঘটে আৰু মাৰ্চ-এপ্ৰিললৈকে বিলখনত বিচৰণ কৰে । স্থানীয় পক্ষীসমূহ বছৰৰ সকলো সময়তে বিলখনত বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰা হয় ।

মতাপুং-মাগুৰি বিলখনত ২৯০টাতকৈ অধিক প্ৰজাতিৰ চৰাই বিচৰণ কৰাৰ তথ্য সদৰী হৈছে‌ । আনকি বিলত বিভিন্ন সৌন্দৰ্যবৰ্ধক মাছ আৰু প্ৰায় ছটা প্ৰজাতিৰ কাছ পোৱা যায় । এই বিলক লৈ তিনিচুকীয়া জিলা তথা উজনি অসমে গৌৰৱ অনুভৱ কৰি আহিছে ।

Exit mobile version