Ranjit Bara Murder Case:পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আমিৰ আলী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ

মৰিগাঁৱৰ বৰিগাঁৱত শহুৰেকৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ আৰক্ষীৰ

WhatsApp Image 2022 12 05 at 21.33.53 1

Ranjit Bara Murder Case:

 পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ লগত জড়িত থকা অভিযোগত আজি মৰিগাঁৱৰ পৰা আমিৰ আলী নামৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গুৱাহাটীৰ পাঞ্জাবাৰীৰ নিবাসী আমিৰ আলী আজি কেইবাদিনো ধৰি মৰিগাঁৱৰ বৰিগাঁৱত শহুৰেকৰ ঘৰত আত্মগোপন কৰি আছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ।
এক গোপন সূত্ৰৰ আধাৰত মৰিগাঁও আৰক্ষীয়ে আমিৰ আলীক শহুৰেকৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি নিশা গুৱাহাটী আৰক্ষীক চমজাই দিয়ে।
উল্লেখ্য যে ২১ নবেম্বৰত গুৱাহাটী মহানগৰীত দিন দুপৰতে সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড।
বেংকত টকা জমা থবলৈ যোৱা পূৰৱী ডায়েৰী বিতৰক ৰঞ্জিত বৰাক পাঞ্জাবাৰীৰ ৰাজপথত গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তই। গুৱাহাটী দিছপুৰ থানাত ৰুজু হৈ থকা গোচৰৰ আধাৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Exit mobile version