Road Accident : লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

টাটা মেজিকৰ খুন্দাত দুই স্কুটি আৰোহী সহ নিহত তিনি

images 2 2

Road Accident :

লখিমপুৰৰ হাৰমতীত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷এখন মেজিক আৰু স্কুটিৰ মাজৰ মুখামুখি সংঘৰ্ষৰ ফলত দুই স্কুটি আৰোহী আৰু মেজিক খনৰ এজন লোক নিহত হয় ৷

নিহত স্কুটি আৰোহী দুজন হ’ল আমিৰ হুছেইন আৰু আশ্বাদুল ৷ উল্লেখ্য যে হাৰামতিৰ অভিমুখে গৈ থকা এআৰ অ’১এম -০৯৪৫ নম্বৰ স্কুটি খনক অৰুণাচল বজাৰৰ পৰা তীব্ৰ বেগত আহি থকা মেজিক খনে সন্মুখৰ পৰা খুন্দা মাৰি প্ৰায় ২৫ মিটাৰ দূৰত বাগৰি পৰে৷

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে হাৰামতি আৰক্ষী উপস্থিত হয় আৰু আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

Exit mobile version