Ulfa Cadre Death : আলফা স্বাধীনৰ শিবিৰত নৱাগত সদস্যৰ মৃত্যু

শোক প্ৰকাশ আলফা স্বাধীনৰ

ulfa

Ulfa Cadre Death :

আলফা স্বাধীনৰ শিবিৰত মৃত্যু মহানগৰীৰ নুনমাটি যুৱকৰ ৷ আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰূমেল অসম স্বাক্ষৰিত এক বিজ্ঞপ্তিৰ জৰিয়তে সদৰি কৰে যে,দেওবাৰে সংগঠনটোৰ এজন নৱাগত সদস্য চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷

বিদ্ৰোহী সংগঠনটোৰ ৮৬ নং গোটৰ সৈনিক নম্বৰ ২০৭৫৯ৰ নবাগত সদস্য যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসম মৃত্যু হয় দেওবাৰে । গুৱাহাটীৰ মহানগৰীৰ নুনমাটিৰ কেন্দুগুৰিৰ ত্ৰিশ বছৰীয়া নবাগত সদস্য গৰাকী কিছুদিন ধৰি দুৰাৰোগ্যত আক্ৰান্ত হৈ আছিল ৷

কিন্ত দেওবাৰে চিকিৎসাধীন হৈ থকা অৱস্থাতে পুৱাভাগত শেষ নিশ্বাস ত্যাগ কৰে সদস্য গৰাকী ৷ বীৰ সৈনিক গৰাকীৰ মৃত্যুত আলফা স্বাধীনৰ তৰফৰ পৰা গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে যুগলক ‘অমৰ মৃতক’ৰূপে ঘোষণা কৰে ৷

Exit mobile version