Gold Atm In Hyderabad : টকাৰ পাছত এইবাৰ এটিএমৰ পৰা ওলাব সোণ !

2e8027e6 810e 4ace 9a9d 8c856cf03755

Gold Atm In Hyderabad :

এটিএমৰ পৰা টকা,গাখীৰ ,পানী আৰু শস্য ওলোৱাৰ বিষয়ে আপুনি নিশ্চয় জ্ঞাত ৷ কিন্ত এইবাৰ এটিএমৰ পৰা ওলাব সোণ৷

ক’ত এই ব্যৱস্থা কৰা হৈছে জানো আহক৷ দেশৰ প্ৰথমটো গল্ড এটিএম মুকলি হ’ল তেলেংগানাৰ নিজামৰ চহৰ হাইদৰাবাদত ৷ এতিয়া এনে সুবিধাৰ জৰিয়তে আপুনি ৰিয়েল টাইম গল্ড এটিএমৰ পৰা উলিয়াব পাৰিব সোণৰ মুদ্ৰা ৷

উল্লেখ্য যে সোণ ক্ৰয়-বিক্ৰয়ৰ ব্যৱসায়ত জড়িত দেশৰ প্ৰখ্যাত সোণ বিক্ৰেতা গোষ্ঠী গোল্ডচিকাৰ চিইঅ’ চি তৰুজৰ সদৰি কৰা মতে, দিনটোৰ ২৪ ঘণ্টাই উপলব্ধ হোৱা এই ৰিয়েল টাইম এটিএম ব্যৱহাৰ কৰি গ্ৰাহকে ০.৫ গ্ৰামৰ পৰা ১০০ গ্ৰামলৈকে সোণৰ মুদ্ৰা ক্ৰয় কৰিব পাৰিব। একেদৰে এই এটিএমত সোণৰ মূল্য পোনপতীয়াকৈ আপডেট দিয়া হ’ব।

গল্ড কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া তৰুজৰে উল্লেখ কৰা মতে শীৰ্ঘে তেলেংগানা কৰিমনগৰ, ৱাৰংগল আৰু পেড্ডাপল্লী, ৱাৰংগলতো গল্ড এটিএম উপলব্ধ হ’ব । সমগ্ৰ ভাৰতত প্ৰায় ৩,০০০ টা গল্ড এ টি এম অহা দবছৰৰ ভিৰতত স্থাপনৰ পৰিকল্পনা কৰা হৈছে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে দিল্লীত গাখীৰ এটি এম, উত্তৰ প্ৰদেশত মিনাৰেল ৱাটাৰ এ টি এম,শেহতীয়াকৈ দেশৰ প্ৰথমটো সেউজ এ টি এম মুকলি হয় হাৰিয়ানাৰ ওদ্যোগিক চহৰ গুৰগ্ৰামত ৷

হাৰিয়ানাৰ উপ- মুখ্যমন্ত্ৰী দুষ্যন্ত চৌটালাই শস্য এ টি এম টো মুকলি কৰি মন্তব্য কৰিছিল যে চৰকাৰী সূলভ মূল্যৰ দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰা গ্ৰাহক সকলে এই ব্যৱস্থাৰ জৰিয়তে খাদ্য সামগ্ৰী কিনিব পাৰিব৷জোখ-মাখৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা উদ্থাপিত অভিযোগ ক্ৰমাৎ নাইকীয়া হ’ব বুলি বুলি বিশ্বাস কৰে উপ- মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version