Heroin Seized In Bokajan :
নাগালেণ্ডৰে সংলগ্ন হৈ থকা কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে বিগত সময়চোৱাত ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে এলানি সফল অভিযান অব্যাহত ৰখাৰ সময়তে আজি পুৱা আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইনসহ এটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, এক নিৰ্ভৰযোগ্য সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া বাহিনীয়ে খটখটী থানাৰ অন্তৰ্গত কছাৰী গাঁৱত অভিযান চলায়।
ADVERTISEMENT
অভিযানৰ সময়তে আজি পুৱা প্ৰায় ৮.৩০ বজাত ডিমাপুৰৰ পৰা আহি থকা এএছ-০১-এপি-৬৩৮৪ নম্বৰৰ ৱাগনাৰ বাহনখনত তালাচী চলাই ২৯ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৩৮১ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়।
জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় তিনি কোটি টকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। এই সন্দৰ্ভত আৰক্ষীয়ে ডিমাপুৰৰ আয়েটো আয়ে (২৯) নামৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।