MBBS : এমবিবিএছত আঠ বছৰত ৭৭ শতাংশ আসন বৃদ্ধি, তথাপিও দেশত চিকিৎসকৰ অভাৱ ৮০ শতাংশ

28 08 2022 mbbs 23020119

MBBS :

ভাৰতত এফালে মেডিকেল কলেজৰ সংখ্যা দ্রুতগতিত বৃদ্ধি অব্যাহত আছে আৰু একে সময়তে দেশৰ স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অভাৱ বাঢ়িছে। বিগত আঠ বছৰত অৰ্থাৎ ২০১৪ৰ পৰা ২০২২ৰ সময়ছোৱাত ভাৰতত মেডিকেল কলেজৰ সংখ্যা ৩৮৭ খনৰ পৰা ৬৪৮ খনলৈ বৃদ্ধি পালে।

অর্থাৎ মেডিকেল কলেজৰ সংখ্যা ৬৭ শতাংশ বৃদ্ধি পালে। এই সময়ছোৱাত দেশত এমবিবিএছ পাঠ্যক্ৰমৰ আসন ৭৭ শতাংশ বৃদ্ধিৰে পূৰ্বৰ ৫৪,৩৪৮ খনৰ পৰিৱৰ্তে ৯৬,০৭২ খনলৈ বৃদ্ধি পালে।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ শেহতীয়া প্রতিবেদনত এই তথ্য প্ৰকাশ পাইছে। কিন্তু গ্রামীণ স্বাস্থ্য পৰিসংখ্যা ২০২০-২১ৰ তথ্য অনুসৰি, দেশৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত বর্তমানে ৪.৩ শতাংশৰ পৰা ৮০ শতাংশলৈকে চিকিৎসকৰ অভাৱ ঘটিছে।

২০০৫ত দেশত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ২০,৩০৮ এল’পেথিক চিকিৎসক আছিল আৰু ২০২১ত চিকিৎসকৰ সংখ্যা ৩১,৭১৬ জনলৈ বৃদ্ধি পালে। কিন্তু ইয়াৰ পাছতো দেশৰ চৰকাৰী চিকিৎসালয়ত কৰ্মৰত চিকিৎসকৰ অভাৱ অব্যাহত আছে।

সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰয়োজনতকৈ ৮৩ শতাংশ শল্য চিকিৎসক, ৭৪ শতাংশ স্ত্ৰীৰোগ বিশেষজ্ঞ, ৮০ শতাংশ শিশু ৰোগ বিশেষজ্ঞ আৰু ৮২ শতাংশ চিকিৎসকৰ অভাৱ ঘটিছে। প্রাথমিক স্বাস্থ্য কেন্দ্ৰত ৩১ শতাংশ মহিলা এএনএমৰ অভাৱ আছে।

স্বাস্থ্য মন্ত্রণালয়ৰ শেহতীয়া প্রতিবেদনত উল্লেখ কৰা অনুসৰি,দেশত প্ৰতি ৮৩৪ জন নাগৰিকৰ বিপৰীতে এজনকৈ চিকিৎসক আছে। কিন্তু মন কৰিবলগীয়া কথাটো হ’ল ভাৰতৰ ২৭ শতাংশ চিকিৎসক পেছাগতভাৱে সক্রিয় নহয় ৷

দেশৰ ভিতৰতে ঝাৰখণ্ড, ৰাজস্থান, পঞ্জাৱ, চত্তিছগড়, উত্তৰ প্ৰদেশ আৰু বিহাৰত চিকিৎসকৰ সংখ্যা সর্বনিম্ন। দেশৰ মুঠ ৬৪৮ মেডিকেল কলেজৰ ৩৫৫ খন আৰু ২৯৩ খন হৈছে বেচৰকাৰী।

২০১৪ৰ পৰা 22ৰ সময়ছোৱাত দেশত চৰকাৰী মেডিকেল কলেজ ৯৬ শতাংশ আৰু বেচৰকাৰী মেডিকেল কলেজ ৪২ শতাংশ বৃদ্ধি পালে৷ যোৱা আঠ বছৰত দেশত মেডিকেলৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসনো ১০৫ শতাংশ বৃদ্ধি পালে।

পূৰ্বৰ ৩০, ১৯১ আসনৰ পৰিৱৰ্তে স্নাতকোত্তৰ পাঠ্যক্ৰমত বৰ্তমানৰ আসনৰ সংখ্যা হৈছে ৬৩,৮৪২ খন।

Exit mobile version