Nagaon Irrigation Ee : নগাঁৱৰ জলসিঞ্চন বিভাগৰ অভিযন্তা কলনিত অঘটন

চৰকাৰী আবাসত মৃত অৱস্থাত উদ্ধাৰ কাৰ্যবাহী অভিযন্তা

1fae3bfa 77d9 4d9a bcf0 38f9e09336cf

Nagaon Irrigation Ee  :

নগাঁও চহৰত চাঞ্চল্যকৰ ঘটনা। জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা দিলীপ বৰুৱাৰ ৰহস্যজনক মৃত্যু। আমোলাপট্টিস্থ জলসিঞ্চন বিভাগৰ চৰকাৰী আৱাসত উদ্ধাৰ কাৰ্যবাহী অভিযন্তা গৰাকীৰ মৃতদেহ।

আবাসগৃহৰ বিচনাত শুই থকা অৱস্থাত উদ্ধাৰ হয় অভিযন্তা গৰাকীৰ মৃতদেহ। উল্লেখ্য যে চলিত মাহৰ ৩১ ডিচেম্বৰত অৱসৰৰ দিন আছিল অভিযন্তা গৰাকীৰ ৷

স্মতৰ্ৱ্য যে বৰুৱাৰ বিৰুদ্ধে বিভাগীয় কেলেংকাৰী সন্দৰ্ভত কিছুমাহ পূৰ্বে একাংশ সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত হৈছিল বাতৰি ৷

তাৰ পিছৰে পৰা তেওঁ মানসিকভাৱে ভাগি পৰিছিল ৷পৰৱৰ্তী সময়ত বিভিন্ন ৰোগত অসুস্থ হৈ পৰে ৷ এই কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে পৰিয়ালৰ লোকে ৷

ইতিমধ্যে ঘটনাস্থলীত ইটাচালী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version