Nalbari Visit Cm:বিকাশৰ বাবে এটা পষেক শীৰ্ষক কাৰ্যসূচীৰ অধীনত মুখ্যমন্ত্ৰীৰ নলবাৰী ভ্ৰমণ

উদ্বোধন কৰিলে অত্যাধুনিক ত্ৰিমাত্ৰিক তাৰকাগৃহ,মুঠ ১২টা প্ৰকল্পৰ শিলান্যাস

WhatsApp Image 2022 12 06 at 17.35.26 1

Nalbari Visit Cm:
ৰাজ্য চৰকাৰৰ উদ্যোগত পাচঁ ডিচেম্বৰৰ পৰা ৰাজ্যৰ এঘাৰ খন জিলাক সামৰি ‘বিকাশৰ বাবে এটা পষেক’শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই দুপৰীয়া ভাগত উপস্থিত হয় নলবাৰীত ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে মিলনপুৰত নলবাৰী বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ উদ্বোধন কৰে ৷

এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, অত্যাধুনিক সা-সুবিধাৰে সম্পন্ন ৰাজ্যৰ চতুৰ্থটো আৰু প্ৰথমটো ত্ৰিমাত্ৰিক তাৰকাগৃহটোৱে ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনক এক অনন্য মাত্ৰা প্ৰদান কৰিব আৰু এই তাৰকাগৃহটোৱে আগন্তুক দিনত নলবাৰী জিলাৰ শিক্ষাৰ্থীসকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীসকল ক্ৰমে অজন্তা নেওগ, কেশৱ মহন্ত, ৰণজিৎ কুমাৰ দাস, চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্লবৰুৱাও উপস্থিত থাকে।

আনহাতে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীত উপ-আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু উদ্যান শস্য গৱেষণা মহাবিদ্যালয়, সংহত উপায়ুক্ত কাৰ্যালয় পৰিসৰৰ আধাৰশিলা স্থাপনকে ধৰি মুঠ ১২টা প্ৰকল্পৰ শিলান্যাস কৰে।

মুঠ ৬৮০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পসমূহে নলবাৰী জিলাৰ ৰাইজৰ আকাংক্ষা বহু পৰিমাণে পূৰণ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

 আধাৰশিলা অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে কেবিনেট মন্ত্ৰী সকল ক্ৰমে অজন্তা নেওগ, জয়ন্ত মল্লবৰুৱা, কেশৱ মহন্ত, ৰণজিৎ কুমাৰ দাস, চন্দ্ৰমোহন পাটোৱাৰী, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ সহ জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষক ৷

Exit mobile version