Rahul Gandhi : পদযাত্রাৰ মাজতে বিজেপিৰ দপ্তৰ দেখি হাত জোঁকাৰিলে ৰাহুল গান্ধীয়ে, ইয়াৰ প্ৰত্যুত্তৰ কি দিলে কর্মীসকলে ?

Untitled design 2022 12 06T105615.642

Rahul Gandhi :

সমগ্ৰ দেশক একজোঁট কৰিবলৈ পদযাত্রা ৰাহুল গান্ধীৰ । সেয়ে প্রবল প্রতিপক্ষক দেখিও কেৰেপ কৰা নাই ৰাহুলে । বৰঞ্চ আবেগ, ভালপোৱা নিগৰায় ।

মঙলবাৰে পুৱা ঝালৱাৰত বিজেপিৰ দপ্তৰৰ সন্মুখেৰে যোৱাৰ সময়ত হাত জোঁকাৰিলে, চুমা দিলে কংগ্রেছ সাংসদে । দপ্তৰত ৰৈ উলোটাই হাত জোঁকাৰিলে বিজেপি কর্মীসকলেও ।

মঙলবাৰে পুৱা সাতটাৰ কিছু আগতে ঝালৱাৰত ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈছিল ৰাহুলৰ পদযাত্রা । কোটাৰ দিশে গৈছিল তেওঁ । সেই সময়ত পথৰ কাষত এখন ঘৰত প্রধানমন্ত্রী মোদী আৰু বিজেপি নেতাৰ ছবি থকা বেনাৰ লগোৱা আছিল । তাৰ কাষতে ৰৈ আছিল কেইজনমান কৰ্মী ।

তেওঁলোককেই হাত জোঁকাৰি সম্ভাষণ জনালে ৰাহুলে । চুমাও নিগৰালে । সংগীসকলো কৰিবলৈ কয় । ৰাহুলৰ পাছফালে খোজকাঢ়ি আছিল সচিন পাইলট, ৰাজস্থানৰ মন্ত্রী ৰামলাল জাট । তেওঁলোকেও নেতাক অনুসৰণ কৰি হাত জোঁকাৰে ।

তথ্য অনুসৰি, ঝালৱাৰৰ এই ঘৰখন বিজেপি নেত্রী বসুন্ধৰা ৰাজৰ পুত্ৰ, তথা বিজেপি সাংসদ দুষ্ম্যন্ত সিঙৰ দপ্তৰ । ঘৰৰ বাহিৰত ওলমোৱা বেনাৰত আছে প্রধানমন্ত্রী, বিজেপি সভাপতি জেপি নড্ডা, নেত্রী বসুন্ধৰা আ দুষ্ম্যন্তৰ ছবি ।

প্রসংগত, ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী বসুন্ধৰাৰ গড় হ’ল ঝালৱাৰ । মনকৰিবলগীয়া, আগন্তুক বছৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই চহৰেৰে পদযাত্রা কৰিলে ৰাহুলে ।

কংগ্রেছ নেতা জয়ৰাম ৰমেশে ৰাহুলৰ এই আচৰণ দেখি কয়, ‘‘এইটোৱে ৰাহুলৰ ষ্টাইল । ইয়াত বেছি একো নিবিচাৰিব । বিভিন্ন ৰাজনৈতিক দলৰ সদস্যসকলকে স্বাগত জনাইছে তেওঁ ।’’

ৰমেশে উল্লেখ কৰে যে ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘৰ সদস্যসকলকো তেওঁ আমন্ত্রণ জনাইছে ।

পাছত ৰাহুল নিজেই সামাজিক মাধ্যমত এই ব্যৱহাৰক লৈ লিখিছে, ‘‘কোনো বিদ্বেষ নাই, কোনো ক্ষোভ নাই, কোনো বিৰক্তি নাই— ভাৰতযাত্রীসকলৰ মনত এনে একো নাই । তেওঁলোকৰ লক্ষ্য, ভাৰতক ঐক্যবদ্ধ কৰা, ভাৰতীয়সকলৰ ভোগান্তিৰ প্রতি সহানুভূতি, সকলো নাগৰিকসকলৰ ভালপোৱা ।’’

প্রসংগত, এয়ে প্রথম নহয়, ২০১৮ত সংসদত প্রধানমন্ত্রীক সাৱটি ধৰিছিল ৰাহুলে । এই কাৰ্য দেখি আচৰিত হৈছিল তেওঁৰ নিজৰ দলৰ সাংসদসকলেই ।

Exit mobile version