Sonari police Station Firing : সোণাৰী আৰক্ষী নিৱেশত অঘটন

সতীৰ্থ আৰক্ষীৰ গুলীত নিহত আৰক্ষী কনিষ্টবল

Screenshot 20221206 120612 WhatsApp

Sonari police Station Firing :

কৰ্তব্যৰত আৰক্ষী জোৱানেই সতীৰ্থক নিৰ্বিচাৰ গুলী চালনা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সোণাৰি থানাত। মঙলবাৰে পুৱা প্ৰায় ৯.২০ মিনিটত সোণাৰি সদৰ আৰক্ষী থানা চৌহদৰ মূল প্ৰৱেশ দ্বাৰতেই এই লোমহৰ্ষক ঘটনা সংঘটিত হয়।

মূল প্ৰৱেশ দ্বাৰত কৰ্তব্যৰত চন্তৰী তথা নৱম অসম আৰক্ষী বেটেলিয়ানৰ জোৱান দীপক কাকতি (৪২) ক “ৰিলিভ” দিবলৈ আহিছিল একেটা বেটেলিয়ানৰ জোৱান গকুল বসুমতাৰীয়ে (৩৬)।

বিগত কিছুদিনৰ পৰা দুয়োৰে মাজত চলি থকা সংঘাতৰ বাবে দীপক কাকতিয়ে গকুল বসুমতাৰীৰ মুখামুখি হৈ খঙত জ্বলিপকি উঠে।

থানাৰ মুল প্ৰৱেশ দ্বাৰত দিনৰ ভাগৰ চন্তৰীৰ দায়িত্ব লবলৈ অহা গকুল বসুমতাৰীক লক্ষ্য কৰি দীপক কাকতিয়ে নিজৰ চাৰ্ভিছ “ইনচাৰ্ছ”ৰে উপৰ্যুপৰি গুলীবৰ্ষণ কৰে। আকস্মিক এই গুলীচালনাত গকুল বসুমতাৰীৰ শৰীৰ গুলীৰে থকাসৰকা হয় আৰু ঠাইতে ঢলি পৰে।

ইফালে, থানা চৌহদত আকস্মিক ভাবে ধাৰাষাৰ গুলীৰ শব্দ হোৱাত এক আতংকময় পৰিবেশৰ সৃষ্টি হয় আৰু লগে লগে কৰ্তব্যৰত আৰক্ষী বিষয়া, আৰক্ষী জোৱান বাহিৰলৈ ওলাই আহে।

থানা চৌহদৰ মুল প্ৰৱেশ দ্বাৰৰ মাটিত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি ৰৈছিল আৰক্ষী জোৱান গকুল বসুমতাৰীৰ নিথৰ দেহ আৰু কাষতে “ইনচাৰ্ছ” ৰাইফল হাতত লৈ থিয় হৈ আছিল দীপক কাকতি।

হাতত আগ্নেয়াস্ত্ৰ থকাৰ বাবে দীপকৰ ওচৰলৈ কোনো আগবাঢ়ি অহা নাছিল। অৱশ্যে পাছত দীপক কাকতিয়ে “খতম কৰি দিলো” বুলি কৈ সোণাৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷

উল্লেখ্য যে, এই গুলীবৰ্ষণত গকুল বসুমতাৰীৰ মুৰৰ লাওখোলা উৰি যোৱাৰ লগতে মুখ, ডিঙি, বাউসী আদিত গুলী সোমায়। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে তিনিটা গুলীৰ কাৰ্টুজ উদ্ধাৰ কৰে।

নিহত গকুল বসুমতাৰীৰ ঘৰ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰদল গাঁৱত। আনহাতে, দীপক কাকতিৰ ঘৰ বাইহাটা চাৰিআলিত। ইতিমধ্যে হত্যাকাৰী দীপক কাকতিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

তথ্য অনুসৰি, নৱম আৰক্ষী বেটেলিয়ানৰ জোৱান গকুল বসুমতাৰী আৰু দীপক কাকতিৰ মাজত বিগত তিনি-চাৰি দিনৰ পৰা তুমুল বাকবিতণ্ডাৰ নগতে হতাহতি পৰ্যন্ত ঘটনা সংঘটিত হৈছিল  ৷ চৰাইদেউ উপায়ুক্ত কাৰ্যালয় ভৱনৰ ওপৰ মহলাত মোতায়েম কৰা আৰক্ষী বেটেলিয়ানৰ দুই জোৱান আছিল গকুল আৰু দীপক।

কিছুদিন পূৰ্বে দীপক কাকতি আৰু এজন জোৱানৰ মাজত হোৱা কাজিয়া ভাঙিবলৈ আহিছিল গকুল বসুমতাৰী আৰু এটি পৰিস্থিতিত গকুলে দীপকক দুটাকৈ প্ৰচণ্ড গোৰ শোধাইছিল। এই ঘটনা সাধাৰণ কাজিয়া বুলি ভাবিয়েই সতীৰ্থ সকলে বিশেষ চিন্তা কৰা নাছিল।

ইফালে, এই ঘটনাৰে পোতক তুলিবলৈ দীপক কাকতিয়ে সুবিধা বিচাৰি আছিল আৰু আজি এই সুবিধা লৈ সতীৰ্থক নিৰ্বিচাৰে গুলী চলাই হত্যা কৰে।

মনকৰিবলগীয়া যে, গুলী চালনা কৰাৰ সময়ত দীপক কাকতি সুৰাসক্ত হৈ আছিল। অৰ্থাৎ থানাৰ মুল প্ৰৱেশদ্বাৰত চন্তৰীৰ দায়িত্ব পালন কৰাৰ সময়ত দীপক কাকতিয়ে সুৰাপান কৰিছিল। চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাৰ সময়তো সুৰাপান কৰাতো ধৰা পৰে।

উল্লেখযোগ্য যে দীপক কাকতিয়ে ইয়াৰ পূৰ্বে টেঙাপুখুৰী থানাত নিয়োজিত হৈ থকাৰ সময়তো সতীৰ্থ জোৱান এজনক গুলীয়াবলৈ উদ্যত হৈছিল আৰু উক্ত ঘটনাৰ পাছতে তাৎক্ষণিক ভাবে সোণাৰিলৈ বদলি কৰা হৈছিল দীপক কাকতিক।

তেতিয়াই দীপক কাকতিক অনুশাসন মূলক ব্যৱস্থা ৰূপে “ৰিজাৰ্ভ ক্লজ” কৰা হলে আজিৰ এনে ঘটনা হবলৈ নেপালেহেতেন বুলিও আৰক্ষী জোৱানৰ মাজত সৰব আলোচনা চলিছে।

হত্যাকাৰী আৰক্ষী জোৱান দীপক কাকতিক আজি দুপৰীয়া আদালতলৈ নিয়াৰ সময়ত গকুল বসুমতাৰীয়ে তেওঁক মাৰপিট কৰা বুলি ব্যক্ত কৰাৰ লগতে আজিৰ ঘটনাৰ বাবে অনুতপ্ত বুলিও সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে।

Exit mobile version