Apex Bank :মহানগৰীত অসম সমবায় এপেক্স বেংক লিমিটেডৰ ৭৫সংখ্যক প্ৰতিষ্ঠা দিৱস

অংশ গ্ৰহণ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা

5c4a0438 4f0d 4fb5 8561 8cca7f0cc4be

Apex Bank :

ৰাজ্যৰ অগ্ৰণী বিত্তীয় প্ৰতিষ্ঠান অসম সমবায় এপেক্স বেংক লিমিটেডৰ ৭৫সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি মহানগৰীত অনুষ্ঠিত হয় ৷

এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ড: হিমন্ত বিশ্ব শৰ্মাই ১০০গৰাকী নতুন নিযুক্তিপ্ৰাপ্তক নিযুক্তি পত্ৰ বিতৰণৰ লগতে বেংকৰ দুখন ভ্ৰাম্যমান এ টি এম ভান মুকলি কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে ,বেংক সম্পৰ্কীয় উন্নত ধাৰণা বিকশিত কৰিবলৈ আৰু গ্ৰাহকসকলক উন্নত সেৱা আগবঢ়োৱাৰ বাবে বিষয়া- কৰ্মচাৰী সকলক আহ্বান জনাই ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰাহকৰ ডাটাবেচ বিকশিত কৰিবলৈ আৰু অহা কেইবছৰমানৰ ভিতৰত ৰাষ্ট্ৰীয়কৃত বেংকৰ মৰ্যাদা প্ৰাপ্ত কৰাৰ বাবে এক মিছন মোডত কাম কৰিবলৈ পৰামৰ্শ প্ৰদান দিয়ে বিষয়াবৰ্গক ৷

অনুষ্ঠানত কেবিনেট মন্ত্ৰীসকল ক্ৰমে কেশৱ মহন্ত, যোগেন মহন , জয়ন্ত মল্লবৰুৱা ,নন্দিতা গাৰ্লোছা , এপেক্স বেংকৰ অধ্যক্ষ তথা বিধায়ক বিশ্বজিৎ ফুকন , উপাধ্যক্ষ গৌতম বৰা আৰু বেংকৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে ।

Exit mobile version