Contaminated Water : এজন শিশু মৃত্যু, অসুস্থ একাংশ গাঁওবাসী , ৰাজস্থানৰ নতুন ত্ৰাসক লৈ চিন্তিত চৰকাৰী চিকিৎসালয়

1669550660 death

Contaminated Water :

শনিবাৰৰ পৰা, ৰাজস্থানৰ একাংশ গাঁওত ইটোৰ পাছত সিটো অসুস্থ হৈ পৰিছে। তথ্য অনুসৰি , বুধবাৰে, যোৱা চাৰি দিনত সংখ্যাটো ১০০ অতিক্ৰম কৰিছে।

ডিচেম্বৰৰ তিনি তাৰিখৰ পৰা, এই গাওঁবোৰৰ ৮৬ জন প্ৰাপ্তবয়স্কলোক অসুস্থ হোৱাৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ৪৮ টা শিশু, কিশোৰী আৰু কিশোৰীকো চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল।

অৱশ্যে শেহতীয়াকৈ গাওঁখনত একেধৰণে অসুস্থ হৈ থকা এজন ১২ বছৰীয়া এক কিশোৰৰ মৃত্যুৱে গাওঁখনত আতংকৰ সৃষ্টি কৰিছে।

ঘটনাটো ৰাজস্থানৰ কাৰাউলি জিলাত সংঘটিত হৈছে । প্ৰাথমিক তদন্ত অনুসৰি এই ধাৰাবাহিক ৰোগৰ আঁৰত কোনো ৰোগ নাই যদিও অঞ্চলটোত খোৱাপানীয়েই ইয়াৰ মূল কাৰণ ।

কিবা কাৰণত খোৱাপানী কিবা কাৰণত বিষাক্ত হৈ গাওঁবাসীয়ে সেই পানী খাই গুৰুত্বৰভাৱে অসুস্থ হৈ পৰে। কাৰাউলিৰ প্ৰধান মুখ্য চিকিৎসা বিষয়া পুষ্পেন্দ্ৰ গুপ্তাই কয় যে যোৱা শনিবাৰৰ পৰা কাৰাউলীৰ বাৰাপাডা, কাচাইব্ৰা, শ্বাহগঞ্জ আৰু বায়ানিয়া গাঁৱৰ বহু লোক বিষাক্ত খোৱা পানী খাই অসুস্থ হৈ পৰিছে।”

৮৬ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়খনৰ শিশু বাৰ্ডটোত ৪৮ জন যুৱক ভৰ্তি কৰিব লগা হৈছিল। সেই পানী খোৱাৰ পাছত তেওঁলোক বমি আৰু ডায়েৰিয়া সম্পৰ্কীয় ৰোগত ভুগে। ”

কিন্তু, মঙলবাৰে এজন ১২ বছৰীয়া কিশোৰ বিষাক্ত পানী খোৱাৰ পাছত মৃত্যু হোৱাৰ পাছতে পৰিস্থিতি সলনি হয়। মৃত লৰা নাম দেৱকুমাৰ।সোমবাৰে শ্বাহগঞ্জৰ বাসিন্দা কিশোৰজন নিশা অসুস্থ হোৱাৰ পাছত ঘৰতে চিকিৎসাধীন হৈ আছিল।

কিন্তু, মঙলবাৰে তেওঁ অধিক অসুস্থ হোৱাত চিকিৎসালয়লৈ লৈ যোৱা হয় । তাতেই তেওঁৰ মৃত্যু হয় ।

অঞ্চলটোৰ চৰকাৰী চিকিৎসালয়ৰ মতে, এনে ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে অহা বহুতো ৰোগী দুদিনৰ পাছত ঘৰলৈ উভতি আহিবলৈ সক্ষম হয়। অৱশ্যে, বহুতৰ অৱস্থা এতিয়াও উদ্বেগজনক।

তেওঁলোকক এতিয়াও চিকিৎসাধীন হৈ আছে । স্থানীয় প্ৰশাসনে কয় যে তেওঁলোকে অঞ্চলটোৰ পানী কেনেকৈ দূষিত হৈছিল জানিবলৈ এটা তদন্ত আৰম্ভ কৰিছে।

Exit mobile version