Delhi Mcd Election Results : বিজেপিক নস্যাৎ কৰি দিল্লী এম চি ডি দখলৰ দিশে আপ

9f363432 874b 4688 9026 0657b3bbbccf 1

Delhi Mcd Election Results :

দেশৰ ৰাজধানী দিল্লীৰ ‘মিউনিচিপল কৰ্পৰেশ্যন অৱ দিল্লী’চমুকৈ এম চি ডি নিৰ্বাচনৰ ভোট গণনা আজি পুৱাৰে পৰা আৰম্ভ হৈছে ৷

১৫টা বছৰ বি জে পি দখলত থকা এম চি ডি নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি অপ্ৰত্যাশিতভাৱে আপৰ দখললৈ যোৱাটো নিশ্চিত হৈ পৰিছে ৷

২৫০ টা ৱাৰ্ডৰ ২৪২ টাৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত আপে মেজিক সংখ্যা অতিক্ৰম কৰি ১২৮ টা ৱাৰ্ডত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ১১১ খন আসন আৰু শোচনীয়ভাৱে কংগ্ৰেছে মাত্ৰ ৭ খন আসনত অগ্ৰগতি লাভ কৰিছে৷

উল্লেখ্য যে কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী বিগত তিনিটা কাৰ্যকাল আপৰ দখলত থকাৰ বিপৰীতে এম চি ডি দখল কৰি আছিল বিজেপিয়ে ৷

বিজেপিয়ে এম চি ডি পুনৰ দখলৰ বাবে নিৰ্বাচনত দলটোৰ কে’বা গৰাকী জ্যেষ্ঠ নেতাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা প্ৰচাৰ অভিযানত জপিয়াই পৰিছিল ৷

কিন্ত আজি অব্যাহত থকা ভোট গণনাৰ ফলাফল ক্ৰমাৎ আপৰ পক্ষলৈ যোৱাত ২০২৪ ৰ লোকসভা নিৰ্বাচন বিজেপিৰ বাবে হ’ব অগ্নি পৰীক্ষা ৷

Exit mobile version