Kaziranga Five Star Resort : কাজিৰঙাত স্থাপন হ’ব পঞ্চ তাৰকাযুক্ত ৰিৰ্চট

আৰম্ভ হৈছে নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ

Entrance of Kaziranga National Park

Kaziranga Five Star Resort :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ বাবে দেশ -বিদেশৰ অহা পৰ্যটকৰ সুবিধাৰ বাবে শীৰ্ঘে কাজিৰঙাত স্থাপন হ’ব অত্যাধুনিক সা- সুবিধাযুক্ত পঞ্চ তাৰকা ৰিৰ্চট ৷

অসম চৰকাৰৰ পৰ্যটন আঁচনিৰ অধীনত ‘অসম পৰ্যটন উন্নয়ন নিগম’ তত্ত্বাৱধানত নিৰ্মাণ হ’বলগীয়া ৰিৰ্চট খনৰ প্ৰাৰম্ভিক কামকাজ ইতিমধ্যে আৰম্ভ কৰিছে ৷

অসম চৰকাৰৰ ৰাজহ বিভাগৰ অনুমোদনক্ৰমে বোকাখাত মহকুমাধিপতি কাৰ্যালয়ে ৰিৰ্চট নিৰ্মাণৰ বাবে কাৰ্বি আংলংৰ নামনিৰ প্ৰাকৃতিক নৌৰ্সগিক দৃশ্যৰে ভৰপুৰ হাতীখুলি চাহ বাগিচাৰ কাষতে থকা ৩০ বিঘা ভূমি এ টি ডি চিলৈ হস্তান্তৰ কৰে৷

পঞ্চতাৰকা ৰিজ’ৰ্ট খনৰ নিৰ্মাণ বাবে পৰ্যটন উন্নয়ন নিগমৰ স’তে বুজাবুজি চুক্তি সম্পাদন হয় হায়াত গ্ৰুপৰে ৷ দুবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া পঞ্চ তাৰকাযুক্ত ৰিৰ্চট খনে দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলি আশা কৰে পৰ্যটন উন্নয়ন নিগমে ৷

Exit mobile version