Anti Hijab Protest : প্রথমবাৰ হিজাব বিৰোধী আন্দোলনকাৰীক মৃত্যুদণ্ড ইৰানত

WhatsApp Image 2022 12 08 at 20.27.00

Anti Hijab Protest :

হিজাব বিৰোধী আন্দোলনত (Anti Hijab Protest) অংশগ্ৰহণ কৰাৰ ‘অপৰাধ’ত প্রতিবাদীসকলক মৃত্যুদণ্ডৰ আদেশ দিছিল ইৰানৰ (Iran) প্রশাসনে । এইবাৰ সেই আদেশ কার্যকৰ কৰিলে সেই দেশৰ মৌলবাদী শাসকসকলে ।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা মহছিন শ্বেকাৰি নামে এজন লোকক ফাঁচী দিয়া হৈছে । দেশৰ মানৱাধিকাৰ সংস্থাসমূহৰ দাবী, বিচাৰ প্রক্রিয়া অবিহনেই মহছিনক দোষী সাব্যস্ত কৰা হৈছে ।

ইৰানৰ আদালতৰ দাবী, ঈশ্বৰৰ বিৰুদ্ধে অপৰাধ কৰিছে লোকজনে । সেয়ে তেওঁক মৃত্যুদণ্ডৰ আদেশ দিয়া হৈছে ।

বিগত দুমাহ ধৰি হিজাব বিৰোধী আন্দোলনত উত্তপ্ত হৈ আছে ইৰান । আৰক্ষীসহ অন্যান্য নিৰাপত্তাৰক্ষীসকলৰ স’তে সংঘর্ষত জড়িত হৈ পৰিছে আন্দোলনকাৰীসকল ।

মহছিনৰ বিৰুদ্ধে অভিযোগ, ৰাজধানী তেহৰানৰ পথত অৱৰোধ কৰি প্রতিবাদ কৰিছিল তেওঁ । লগতে অৰ্ধ-সামৰিক বাহিনীৰ এজনক আক্রমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

ইৰানৰ আদালতে জনাইছে, হিজাব পৰাৰ প্রতিবাদ কৰি প্ৰকৃততে ঈশ্বৰৰ বিৰুদ্ধে অন্যায় কৰিছে মহছিন । সেই অপৰাধতেই তেওঁক মৃত্যুদণ্ডৰ আদেশ দিয়া হয় । বৃহস্পতিবাৰে পুৱা সেই আদেশ কার্যকৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

এনে ঘটনাত শংকিত হৈ পৰিছে ইৰানৰ মানৱাধিকাৰ সংগঠনবোৰ । তেওঁলোকৰ মতে, এইবাৰ প্রত্যেকদিনে হিজাব বিৰোধীসকলৰ মৃত্যুদণ্ডৰ আদেশ কার্যকৰ কৰিব ইৰানৰ প্রশাসনে ।

অতি শীঘ্ৰে আন্তর্জাতিক হস্তক্ষেপ নহ’লে ইৰানৰ দমননীতি অধিক তীব্ৰতৰ হ’ব বুলি তেওঁলোকৰ অনুমান ।

আনহাতে, ইৰানৰ তৰফৰ পৰা চৰকাৰীভাৱে ১১ জনক মৃত্যুদণ্ডৰ আদেশ দিয়া হৈছে । প্রচুৰ সংখ্যক আন্দোলনকাৰীক কাৰাদণ্ডৰ শাস্তিও বিহা হৈছে । বিচাৰব্যৱস্থাক কার্যত প্রহসনত পৰিণত কৰা হৈছে । আত্মপক্ষ সমর্থনৰ সুযোগ নিদিয়াকেই আন্দোলনকাৰীসকলক দোষী সাব্যস্ত কৰা হৈছ ।

হিজাব পৰিধান নকৰাৰ বাবে আৰক্ষী হেফাজতত মৃত্যু হয় ইৰানৰ যুৱতী মাহসা আমিনিৰ । ইয়াৰ পাছতেই বিক্ষোভ আৰম্ভ হয় সমগ্ৰ ইৰাত ।

শেষ পৰিসংখ্যা অনুযায়ী, এই পর্যন্ত হিজাব বিৰোধী বিক্ষোভত অংশগ্ৰহণ কৰাৰ বাবে প্ৰায় তিনশৰো অধিক প্রতিবাদী হত্যা কৰিছে সেই দেশৰ প্রশাসনে । প্রায় ১৫০০০ প্রতিবাদীক নানা অভিযোগত আটক কৰা হৈছে ।

সমগ্ৰ বিশ্বৰ মানুহে ইৰানৰ বিক্ষোভকাৰীসকলক সমর্থন জনাইছে, তৎস্বত্ত্বেও কঠোৰ নীতিত আঁকোৰগোঁজ মৌলবাদী প্রশাসন । শত বিপদৰ শংকাক গুৰুত্ব নিদি এতিয়াও প্রতিবাদ অব্যাহত ৰাখিছে ইৰানৰ জনসাধাৰণে ।

Exit mobile version