Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

দেশৰ দীর্ঘতম এলিভেটেড ফ্লাইঅ'ভাৰ নিৰ্মাণ কেৰালাত

WhatsApp Image 2022 12 08 at 19.19.34

Longest Elevated Flyover :

ভাৰতৰ দীর্ঘতম ছয় লেনৰ এলিভেটেড ফ্লাইঅ’ভাৰ (Elevated Flyover) নিৰ্মাণ কৰা হৈছে কেৰালাত (Kerala) । আলাপ্পুঝা জিলাৰ (Alappuzha District) এই উৰণীয়া সেতু নিৰ্মাণত ব্যয় হৈছে ১,৬৬৮ কোটি ৫০ লাখ টকা‌ ।

ৰাষ্ট্ৰীয় ঘাইপথত নির্মিত উৰণীয়া সেতুৰ দৈর্ঘ্য হৈছে ১২ কিলোমিটাৰৰো অধিক । বর্তমান দিনে-নিশাই কাম কৰিছে নির্মাণকাৰী সংস্থাৰ কর্মচাৰীসকলে ।

৩০ মাহৰ ভিতৰত দেশৰ দীর্ঘতম ছয় লেনৰ এলিভেটেড ফ্লাইঅ’ভাৰ নির্মাণ কাৰ্য শেষ হ’ব পিনাৰাই বিজয়নৰ (Pinarayi Vijayan) ৰাজ্যত ।

আলাপ্পুঝা জিলাৰ অৰুৰ পৰা থুৰাভুৰ পৰ্যন্ত ১২.৭৫২ কিলোমিটাৰ দৈর্ঘ্যৰ উৰণীয়া সেতুটো এনএইচ ৬৬ত নিৰ্মাণ কৰা হৈছে । এই নিৰ্মাণ কাৰ্যৰ কাম কৰিছে নাছিকৰ (Nasik) অশোকা বিল্ডকন লিমিটেড (Ashoka Buildcon Limited), ফৰচুন ইণ্ডিয়া কোম্পানিসহ (Fortune India Company) দেশৰ অন্যতম প্রধান হাইৱে ডেভেলপাৰসকলে ৷

নাছিকৰ সংস্থাটোৱে প্রকল্পৰ নক্সাসহ অধিকাংশ দায়িত্বত আছে । অৱশ্যে বিৰাট প্রকল্পৰ গুৰু দায়িত্ব বিশেষজ্ঞ সংস্থাবোৰে নিজৰ মাজত ভাগ কৰি লৈছে ।

আগন্তুক ৩০ মাহৰ ভিতৰত উৰণীয়া সেতু নির্মাণ সম্পূর্ণ হ’ব, জনাইছে কর্তৃপক্ষ‌ই । কেৰালাৰ আলাপ্পুঝা জিলাৰ এই এলিভেটেড ফ্লাইঅ’ভাৰ নির্মাণ সম্পূর্ণ হ’লে দেশৰ দীর্ঘতম উৰণীয়া সেতুৰ অধিকাৰ অৰ্জন কৰিব ।

তালিকাত দ্বিতীয় স্থানত যাব ১১.৬ কিলোমিটাৰ দৈর্ঘ্যৰ হায়দৰাবাদৰ (Hyderabad) পিভি নৰসিম্‌হা ৰাও ফ্লাইঅ’ভাৰ (PV Narasimha Rao Flyover) । যি বর্তমানত দীর্ঘতম

যোৱা আগষ্টত জানিব পৰা গৈছিল, দুই-ডেক ফ্লাইঅ’ভাৰ (Double Decker Flyover) নিৰ্মাণ হ’ব বাণিজ্য নগৰী মুম্বাইত (Mumbai) । গাড়ী চলাচলৰ লগতে যাৰ এফালে চলিব মেট্র’ ।

ফ্লাইঅ’ভাৰটো আৰম্ভ হ’লে যাত্রী সেৱা অধিক উন্নত হ’ব বুলি ধাৰণা কৰিছে মুম্বাই প্রশাসনে । দুই-ডেক ফ্লাইঅ’ভাৰৰ এটা অংশচ চলিব গণ পৰিবহণ আৰু তলত থাকিব মেট্র’ লাইন ।

দহিচাৰৰ পৰা মীৰা ভায়ান্দাৰৰ মাজত মেট্র’ লাইন এই ফ্লাইঅ’ভাৰ হৈ যাব । ইয়াৰ উপৰি জানিব পৰা গৈছে, ১১.৩৮৬ কিলোমিটাৰ এই মেট্র’ ৰুটত থাকিব ১০টা ষ্টেছন । সাতটা এক্সটেনছন লাইনো থাকিব, যি আন্ধেৰিৰ পৰা দহিচাৰৰ মাজত চলিব ।

উল্লেখ্য, প্রস্তাৱিত ডবল ডেকাৰ ফ্লাইঅ’ভাৰটো শিৱাজী চক মেট্র’ ষ্টেছনৰ ওচৰত আৰম্ভ হ’ব আৰু মীৰা-ভায়ান্দাৰ ৰোড হৈ ভায়ান্দাত শেষ হ’ব । এই ফ্লাইঅ’ভাৰটোৱে ৱেষ্টাৰ্ণ এক্সপ্রেছ হাইৱে, ৱেষ্টাৰ্ণ ৰে’লৱে আৰু মুম্বাই মেট্র’ৰ মাজত সংযোগ স্থাপন কৰিব বুলি আশা কৰা হৈছে ।

Exit mobile version