Two State Election Result:
২০২৪ ৰ লোকসভা নিৰ্বাচনৰ চেমিফাইনেল ৰূপে পৰিগণিত হোৱা গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ আজি পুৱাৰে পৰা আৰম্ভ হোৱা ভোট গণনাত গুজৰাটত পুনৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি ৷ কিন্ত হিমাচলত বিধ্বস্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে শাসনাধিষ্ঠ বিজেপি ৷ পাহাৰীয়া ৰাজ্য খনত ৰাজকীয় উদ্থান হৈছে কংগ্ৰেছৰ |
উল্লেখ্য যে ২০১৭ ৰ নিৰ্বাচনত বিজেপিয়ে ৪৪খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল আৰু কংগ্ৰেছে লাভ কৰিছিল ২১ খন আসন ৷ শেহতীয়া খবৰ অনুসৰি বিজেপিৰ প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ ২৪ হাজাৰৰো অধিক ভোট লাভ কৰি বিজয়ী হৈছে৷
আনহাতে দেশৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটত পুনৰ চৰকাৰ গঠনৰ দিশে অগ্ৰগতি লাভ কৰিছে বিজেপি ৷
গুজৰাটত পুনৰবাৰ ধূলিসাৎ হোৱাৰ দিশে কংগ্ৰেছ ৷ একেদৰে চৰকাৰ গঠনৰ হুংকাৰ দিয়া অৰবিন্দ কেজৰিয়াল নেতৃত্বাধীন আম আদমী পাৰ্টি মাত্ৰ পাঁচখন আসনত অগ্ৰগতি লাভ কৰিছে ৷
১৮২ আসনৰ গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া চলি থকা সময়তে যেন স্পষ্ট হৈ পৰিল ৰাজ্যখনৰ সমগ্ৰ দৃশ্যপদ ৷ ৰাজ্যখনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ভাৰতীয় জনতা পাৰ্টিয়ে মেজিক নম্বৰ ৯২ নম্বৰ অতিক্ৰম কৰি ১৫৭ খনত ৰাজকীয় অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ১৬,আপ পাঁচ আৰু অন্যান্যই ৩ খনত আগবাঢ়িছে ৷
শেহতীয়া খবৰ অনুসৰি গুজৰাটত পুনৰ সপ্তমবাৰৰ বাবে শাসনৰ গাদী অক্ষুণ্ণ ৰাখিলে বিজেপিয়ে ৷ ইতিমধ্যেই ৰাজ্যখনত চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে ৷