A Fat Young Girl:৩১৭ কেজি ওজনৰ এগৰাকী যুৱতীয়ে কেনেকৈ কমালে বৰ্ধিত ওজন ? জানিবলৈ পঢ়ক –

WhatsApp Image 2022 12 09 at 14.27.36

A Fat Young Girl :

মাত্ৰ ২২ বছৰ বয়সতে যুক্তৰাষ্ট্ৰৰ মিচিচিপিৰ বাসিন্দা ক্ৰিষ্টিনা ফিলিপচেৰ ওজন ৭০০ পাউণ্ড বা ৩১৭ কিলোগ্ৰামৰো অধিক হৈছিল । যুৱতীগৰাকীৰ এই বৰ্ধিত ওজনে তেওঁৰ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই আনিছিল ।

কিন্তু পিছত তেওঁ এই ওজন ৮৩ কে জি লৈ হ্ৰাস কৰিছিল । এই সন্দৰ্ভত ক্ৰিষ্টিনাই সংবাদ মাধ্যমৰ আগত কৈছিল যে , এটা সময়ত তেওঁ ১০ জন লোকতকৈ অধিক খাদ্য গ্ৰহণ কৰিছিল । ফাষ্টফুড , তেলত ভজা খাদ্য তেওঁৰ প্ৰিয় আছিল ।

আচলতে বিছিকৈ খোৱাৰ বাবেই ক্ৰিষ্টিনাৰ ওজন বৃদ্ধি পাইছিল । ওজন বাঢ়োতে বাঢ়োতে এটা সময়ত ক্ৰিষ্টিনাই ঘৰৰ পৰা ওলাবই নোৱাৰা হৈছিল । জীৱনলৈও সংশয় নামি আহিছিল ক্ৰিষ্টিনাৰ ।

কিন্তু অৱশেষত ক্ৰিষ্টিনাই নিজৰ ওজন হ্ৰাস কৰিবলৈ এক যুদ্ধ আৰম্ভ কৰিলে আৰু শেষত তাই এই বৰ্ধিত ওজন হ্ৰাস কৰি ৮৩ কেজি কৰিবলৈ সক্ষম হয় ।

কিন্তু কেনেকৈ ক্ৰিষ্টিনাই এই ওজন হ্ৰাস কৰিলে ? এই সন্দৰ্ভত ক্ৰিষ্টিনাই নিজেই সংবাদ মাধ্যমৰ কয় যে , সৰুৰে পৰাই ক্ৰিষ্টিনাই খাবলৈ ভাল পাইছিল । খোৱাৰ পৰিমাণ অন্য দহজন লোকতকৈও বেছি আছিল ।

বিশেষকৈ ফাষ্টফুড আৰু ভজা-পুৰা খাদ্য ক্ৰিষ্টিনাই ভাল পাইছিল । খোৱাৰ এই অভ্যাসে ক্ৰিষ্টিনাৰ জীৱনলৈ ভয়াবহ বিপদৰ সংকেত কঢ়িয়াই আনিছিল। ওজন বাঢ়োতে বাঢ়োতে এটা সময়ত ক্ৰিষ্টিনাই ভালকৈ চলা-ফুৰা কৰিব নোৱাৰা হয় ।

উশাহ লোৱাত কষ্ট অনুভৱ কৰে । বৰ্ধিত ওজনৰ বাবে প্ৰায় দুই-তিনি বছৰ ধৰি ঘৰৰ পৰা বাহিৰলৈ ওলোৱা নাছিল ক্ৰিষ্টিনা । এই অৱস্থাৰ পৰা ৰক্ষা পাবলৈ তাই অৱশেষত বিশেষজ্ঞৰ পৰামৰ্শ লয় ।

পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ ক্ৰিষ্টিনাক প্ৰায় ১০ বছৰ সময় লাগিল । এই ১০ বছৰ কৰা পৰিশ্ৰমৰ অন্তত ক্ৰিষ্টিনাই ২৩৪ কেজিৰ পৰা ৮৩ কেজিলৈ নিজৰ ওজম হ্ৰাস কৰিবলৈ সক্ষম হয় ।

ক্ৰিষ্টিনাই এই ওজন কমাবলৈ অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয় । ইউনান নওজাৰদান নামৰ এজন চিকিৎসকৰ তত্বাৱধানত ক্ৰিষ্টিনাই গেষ্টিক বাইপাচ চাৰ্জাৰী কৰে ।

সমান্তৰালকৈ নিয়ম মানি খোৱা-বোৱা কৰাৰ লগতে নিয়মিত ব্যায়াম কৰিছিল তেওঁ । অৱশ্যে ক্ৰিষ্টিনাৰ স্বামীয়ে ওজন কমোৱাৰ ক্ষেত্ৰত তেওঁক কোনোধৰণৰ সহায় কৰা নাছিল । যাৰবাবে তেওঁৰ বিবাহবিচ্চেদ হ’ব লগা হৈছিল ।

কেৱল নিজৰ মনৰ জোৰতেই ক্ৰিষ্টিনাই এই দীৰ্ঘম্যাদী প্ৰচেষ্টা হাতত লৈছিল । বৰ্তমান ক্ৰিষ্টিনা ৮৩ কেজি ওজনৰ এগৰাকী সুন্দৰী যুৱতী ।

Exit mobile version