Crime City :মহানগৰীত সূলভ মাৰাণাস্ত্ৰ !

য'তে-ত'তে উদ্ধাৰ মাৰাণাস্ত্ৰ,দুটা পিষ্টল সহ যুৱকক আটক

WhatsApp Image 2022 12 09 at 20.49.16

Crime City :

স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকা উত্তৰ-পূৰ্বৰ দুৱাৰমুখ গুৱাহাটী মহানগৰ ক্ৰমাৎ পৰ্যবেসিত হৈছে অপৰাধ নগৰীলৈ ৷ য’তে-ত’তে উদ্ধাৰ মাৰাণাস্ত্ৰ

বশিষ্টৰ দেহাল পথৰ পৰা এজন যুৱকক দুটা পিষ্টল সহ আটক কৰে বশিষ্ট আৰক্ষীয়ে ৷ আটকাধীন যুৱকজন হ’ল বিবেকানন্দ টাইড ৷

অভিযোগ অনুসৰি ধৃত যুৱকজনে দীৰ্ঘদিন ধৰি ওচৰ-চুবুৰীয়াৰ স’তে সামান্য কথাতে কাজিয়া লাগি পিষ্টল দেখুৱাই ভাবুকি দি আহিছিল ৷

আজিও চুবুৰীয়া সৈতে তৰ্ক-বিতৰ্ক কৰি পিছত পিষ্টল দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি দিয়াত চুবুৰীয়া অভিযোগৰ ভিত্তিত আটক কৰে বিবেকানন্দ টাইডক ৷

মনকৰিবলগীয়া যে বুধবাৰে পূৰবী ডেইৰিৰ বিতৰক ৰনজিৎ বৰা হত্যাকাণ্ডৰ স’তে জড়িত আমিৰ আলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল আৰক্ষীয়ে ৷

উল্লেখ্য যে মহানগৰ আৰক্ষীয়ে অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত যিমানেই চেষ্টা অব্যাহত নাৰাখক কিয় বৰং দিনক দিনে বৃদ্ধি পাইছে অপৰাধীৰ অপৰাধমূলক কাৰ্যকলাপ

Exit mobile version