Fatasil-Ambari Fire :মহানগৰীৰ ফটাশিলত বিধ্বংসী অগ্নিকাণ্ড

চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড

WhatsApp Image 2022 12 09 at 19.55.43

Fatasil-Ambari Fire :

মহানগৰীৰ ফটাশিল-আমবাৰীত ভয়ংকৰ অগ্নিকাণ্ড ৷ বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত কে’বাটাও বাসগৃহ ৷

শুক্ৰবাৰে সন্ধিয়া মহানগৰীৰ ফটাশিলৰ হৰিজন কলনিত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয় ৷ এটা বাসগৃহৰ পৰা সূত্ৰপাত হোৱা জুয়ে পলকতে আগুৰি ধৰে হৰিজন কলনিৰ বহু কেইটা বাসগৃহ ৷

অগ্নিকাণ্ডত ছয়টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয় জানিব পৰা গৈছে ৷ বিধ্বংসী জুই নিৰ্বাপিত কৰিবৰ বাবে ইতিমধ্যে উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী আৰু এছ ডি আৰ এফৰ জোৱান ৷

বাতৰি প্ৰস্তুত কৰালৈকে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই ৷ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে জুই নিৰ্বাপিতৰ বাবে ৷

ভয়ংকৰ অগ্নিকাণ্ডৰ পিছতে গুৱাহাটী পৌৰনিগমৰ ১৫০ আবাসীৰ হৰিজন কলনিত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ জুইৰ পৰা ৰক্ষা কৰিবলৈ বহু আবাসীয়ে বয়বস্তু উলিয়াই নিৰাপদ স্থানলৈ নিবলৈ হেতাওপৰা লাগে ৷

আমবাৰী-ফটাশিল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লৈছে ৷

Exit mobile version