Nonmati Theft:নুনমাটি আৰক্ষীৰ জালত বিলাসী বাইক সহ দুই চোৰ

এটা চোৰ বৈদ্যুতিন সংবাদ মাধ্যমৰ সংবাদকৰ্মী

WhatsApp Image 2022 12 09 at 18.13.56 1

Nonmati Theft :

চোৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে ব্যাপক অভিযান ৷ এই অভিযানৰ অংশ হিচাপে মহানগৰীৰ নুনমাটি আৰক্ষীয়ে কালি নিশা অভিযান চলাই তামুলপুৰ অঞ্চলৰ পৰা চুৰি হোৱা দুখন দুচকীয়া বাহন সহ দুটা গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ধৃত চোৰ দুটা হৈছে গীতানগৰ পথৰ বাসিন্দা পূৰ্ণ হাজৰিকা আৰু জাপৰিগোগ অঞ্চলৰ মনোজ দাস । আৰক্ষী সূত্ৰে জানিব পৰা মতে, চলিত বৰ্ষৰ ১৬ নৱেম্বৰত বাক্সা, তামুলপুৰ অঞ্চলৰ পৰা চুৰি হৈছিল গজেন বড়ো নামৰ লোক এজনৰ AS 01 FD 1690 নম্বৰৰ এখন বিলাসী KTM বাইক।

ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকজনে তামুলপুৰ আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত তামুলপূৰ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ 379 ধাৰাৰ অধীনত থানাত 213/22 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল।

তেনে সময়তে এক গোপন সূত্ৰৰ পম খেদি নুনমাটি আৰক্ষীয়ে কালি নিশা মঠঘৰীয়াত চলোৱা নিয়মীয়া তালাচী অভিযানত তামুলপুৰৰ পৰা চুৰি হোৱা AS 01 FD 1690 নম্বৰৰ বিলাসী KTM বাইক খনৰ লগতে AS 01 EZ 1625 নম্বৰৰ আন এখন স্কুটি জব্দ কৰাৰ লগতে এই চুৰি কাৰ্যৰ লগত জড়িত পূৰ্ণ হাজৰিকা আৰু মনোজ দাস নামৰ দুই চোৰক কৰায়ত্ব কৰে।

ইয়াৰে মনোজ দাস নামৰ চোৰটো অসমৰ এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ সংবাদকৰ্মী হিচাপে কৰ্মৰত হৈ আছিল বুলি জানিব পৰা গৈছে ।

Exit mobile version