South kamrup Road Accident:দক্ষিণ কামৰূপত ভয়ংকৰ পথ দুৰ্ঘঘটনা

ইয়ন' কাৰে মহতিয়াই নিলি তিনি পথচাৰীক

WhatsApp Image 2022 12 09 at 13.42.38 1

South kamrup Road Accident:
নিচাসক্ত যুৱকে চলাই নিয়া গাড়ীয়ে মহতিয়াই নিলে তিনি গৰাকীকৈ পথচাৰীক ৷ এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপত বৃহস্পতিবাৰে নিশা ৷

দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত তিনি পথচাৰীক সংকটজনক অৱস্থাত নিশাই ভৰ্তি কৰোৱা হয় সোণতলী স্বাস্থ্য কেন্দ্ৰত ৷

প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে নিশা ছমৰীয়াপামৰ ৰাজপথৰ কাষত থিয় হৈ থকা অৱস্থাত এগৰাকী মহিলা,এটি পাঁচ বছৰীয়া শিশু আৰু এজন লোকক এ এছ-১৪ এফ-২১৩৩ নম্বৰৰ দ্ৰুতবেগী ইয়ন’কাৰ এখনে প্ৰচণ্ড খুন্দা মাৰে ৷

ফলত তিনি পথচাৰী চিটিকি পৰে ৷ গুৰুত্বৰভাৱে আহত ছমৰীয়াপামৰ আব্দুছ ছাত্তাৰৰ পত্নী আমিনা খাতুন ,তেওঁৰ পাঁচবছৰীয়া শিশু পুত্ৰ আৰু আন এজন লোক আজাদ নুৰুল আমিনক ততাতৈয়াকৈ স্থানীয় লোকে ছমৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে ৷

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সেই স্থানত উপস্থিত হোৱা আৰক্ষীয়ে ইয়ন কাৰ খন জব্দ কৰাৰ লগতে ইয়ন গাড়ী খনৰ চালকজনক আটক কৰিছে ৷ উল্লেখ্য যে চালকজন সম্পূৰ্ণ নিচাসক্ত অৱস্থাত আছিল ৷

Exit mobile version