Amla Tea Benefits : জিম-ডায়েট বাদ দিয়ক , ওজন হ্ৰাস কৰিবলৈ, এতিয়াৰ পৰা খাওঁক আমলখি-চাহ 

amla tea feature 202111719749

Amla Tea Benefits :

ওজন কমোৱাৰ আটাইতকৈ সহজ উপায় হৈছে , আমলখি-চাহ খোৱা । দৈনিক এই চাহ খালে , আপুনি কোনো ব্যায়াম বা ডায়েট নিয়ন্ত্ৰণ নকৰাকৈ বৰ্ধিত ওজন হ্ৰাস কৰিব পাৰিব ।

অনাৱশ্যক শকত হ’লে মানুহৰ সৌন্দৰ্যত ব্যাঘাত জন্মে । সেইয়েহে প্ৰায় মানুহে নিজকে ক্ষীণ কৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰে । বৰ্ধিত ওজন হ্ৰাস কৰিবলৈ মানুহে ব্যায়ামগাৰ ,মৰ্ণি ৱাৰ্ক আদি কৰে ।

সমান্তৰালকৈ ডায়েট নিয়ম অনুসৰণ কৰি নিজকে ফিট কৰি ৰাখে । কিন্তু এই সকলোবোৰ কৰিবলৈ আজিকালি মানুহৰ সময়ৰ অভাৱ । তেনেক্ষেত্ৰত সহজেই আপুনি আমলখি-চাহ পান কৰি নিজকে ফিট কৰি ৰাখিব পাৰিব ।

আমলখি পুষ্টিগুণেৰে ভৰপূৰ এবিধ থলুৱা ফল । বিশেষকৈ ইয়াত থকা এণ্টিঅক্সিডেণ্ট, ভিটামিন চি , পলিফেলন তথা বিভিন্ন ধৰণৰ খনিজ উপাদানে সহজে মানুহৰ ওজন হ্ৰাস কৰিব পাৰে । মুঠতে আমলখিয়ে মানুহৰ স্বাস্থ্যৰ বহু উপকাৰ সাধন কৰে।

কেনেকৈ তৈয়াৰ কৰিব আমলখি-চাহ ?

আমলখি-চাহ তৈয়াৰ কৰিবলৈ হ’লে প্ৰথমতে আপুনি দুকাপ পানীত পৰিমাণ অনুযায়ী আমলখিৰ গুড়ি , অলপ জালুকৰ গুড়ি আৰু কেইখিলামান তুলসী পাত দি উতলিবলৈ দিব । কিছুসময় উতলোৱাৰ পিছত এখন চেকনিত চেকি পুনৰ তাত দুচামুচ মৌৰ ৰস মিহলি কৰি পান কৰিব । এই চাহ দৈনিক পান কৰিলে নিশ্চিতভাৱে আপোনাৰ ওজন দ্ৰুত গতিত হ্ৰাস পাব।

লাভালাভ :

১/ ক্ষুধা নিয়ন্ত্ৰণ : আমলখি ফাইবাৰ সমৃদ্ধ ফল । সেইয়েহে আমলখি-চাহ পান কৰিলে ক্ষুধা নিয়ন্ত্ৰণ হয় । ইয়াৰোপৰি ই মানুহৰ হজম শক্তিও বৃদ্ধি কৰে । অৰ্থাৎ হজম বৃদ্ধিৰ সমান্তৰালকৈ আমলখি-চাহে ওজন হ্ৰাস কৰাতো সহায় কৰে ।

২/ শৰীৰক ডিটক্স কৰে : আমলখিত থকা এণ্টিঅক্সিডেণ্টে শৰীৰত থকা টক্সিন দূৰ কৰে । গতিকে এই চাহে শৰীৰক ডিটক্সিফাই কৰি ওজন হ্ৰাস কৰে । তেনেক্ষেত্ৰত দৈনিক এই চাহ পান কৰিলে দ্ৰুত গতিত মেদ হ্ৰাস হয় ।

Exit mobile version