Chain Theft : স্মাৰ্ট মহানগৰীত দিন দুপৰতে পুনৰ চিলনী চোৰৰ হাতোৰা

শিক্ষয়িত্ৰীক পিষ্টল দেখুৱাই দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ চেইন

chain snatching 07766 202009491071

Chain Theft :

স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীত এতিয়া চৰম নিৰাপত্তাহীনতাত মহানগৰবাসী৷ দিনদুপৰতে পুনৰ চিলনী চোৰৰ হাতোৰা ৷

ৰাজগড় তিনিআলীত আইকন একাডেমি নামৰ শিক্ষানুষ্ঠান খনৰ শিক্ষয়িত্ৰী এগৰাকীয়ে ৰৈ থকা সময়তে বাইকত অহা দুই দুৰ্বৃত্তই পিষ্টল দেখুৱাই ডিঙিৰ পৰা কাঢ়ি নিয়ে সোণৰ চেইন ৷ ঘটনাটো সংঘটিত কৰিয়েই উধাও হয় দুৰ্বৃত্ত দুটা ৷

উল্লেখ্য চলিত পষেকটোতে এনেদৰে চেইন কাঢ়ি নিয়া ঘটনা দুটাকৈ সংঘটিতৰ পিছতো আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই চিলনী চোৰক৷

ইতিমধ্যে ভুক্তভোগী শিক্ষয়িত্ৰী গৰাকীয়ে চেইন চুৰি সন্দৰ্ভত চান্দমাৰী থানাত অভিযোগ দাখি কৰে ৷

Exit mobile version