Chirang Firings : চিৰাঙৰ ভাৰত–ভূটান সীমান্তত অঘটন

বনকৰ্মীৰ গুলীচালনাত আহত কাঠ ব্যৱসায়ী

e9e703e8 ea2e 4226 b2e4 536b3a77dede

Chirang Firings :

বিটিআৰৰ চিৰাঙ জিলাৰ ভাৰত–ভূটান সীমান্তত নিশা গুলীচালনা। বন বিভাগৰ গুলীত আহত এজন হয় এজন কাঠ ব্যৱসায়ী। আহত লোকজনৰ নাম বেনামিন বসুমতাৰী।

উল্লেখ্য চোৰাং কাঠৰ স’তে জড়িত থকাৰ সন্দেহত নিশা বনবিভাগে ভাৰত–ভূটান সীমান্তৱৰ্তী খুংগ্ৰিঙত এক অভিযান চলাই৷ ইয়াকে লৈ স্থানীয়লোকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ একাংশ লোকে উত্তেজিত হৈ বনকৰ্মী দলটোক আক্ৰমণ কৰে ৷

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বনবিভাগৰ লোকে গুলীচালনা কৰাত কাঠ ব্যৱসায়ী বেনামিন বসুমতাৰী আঘাতপ্ৰাপ্ত হয় ৷
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে গুলীবিদ্ধ বেনামিন বসুমতাৰীক কাজলগাঁও চিকিৎসালয়ত ভৰ্তি কৰে ৷

মনকৰিবলগীয়া যে অনুৰূপ ঘটনা এটা সংঘটিত হৈছিল পশ্চিম কাৰ্বি আংলংৰ মেঘালয় সীমান্তৰ্ৱতী জিৰকিডিংত চোৰাং কাঠ সৰবৰাহকাৰীয়ে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদত্ত হোৱাত আৰক্ষীৰ গুলীত পাঁচজনকৈ খাচী দুৰ্বৃত্ত নিহত হোৱাৰ বিপৰীতে উত্তেজিত খাছীলোকৰ আক্ৰমণত নিহত হয় এজন অসম বন কৰ্মী ৷ পিছত এই ঘটনাক লৈ অসম আৰু মেঘালয়ৰ মাজত তীব্ৰ সংঘাত সৃষ্টি হয় ৷

Exit mobile version