Crime : ২০ বছৰীয়া যুৱতীক ধৰ্ষণ , দুই যুৱকক ২০ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ

WhatsApp Image 2022 12 10 at 18.15.56

Crime :

আঠ বছৰ পূৰ্বে ২০ বছৰীয়া এগৰাকী যুৱতীক ধৰ্ষণৰ অভিযোগত দুই যুৱকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিলে উত্তৰ প্ৰদেশৰ আমৰোহাৰ এখন আদালতে ।

কাৰাদণ্ডৰ লগতে আদালতে দুই অভিযুক্তক ৪০ হেজাৰ টকাৰ জৰিমনাও আৰোপ কৰা হৈছে । শনিবাৰে খবৰটো প্ৰকাশ্যেত আহিছে।

২০১৪ চনৰ ১৩ জানুৱাৰীত আদমপুৰ আৰক্ষী থানা অঞ্চলত দুজন যুৱকে এগৰাকী ২০ বছৰীয়া যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

আৱৰ্জনা পেলাবলৈ গাওঁৰ বহিৰলৈ গৈছিল যুৱতীগৰাকী । সেই সময়ত,দুই অভিযুক্তই যুৱতীগৰাকীক টানি লৈ গৈ সৰিয়হৰ পথাৰত ধৰ্ষণ কৰে । এই সন্দৰ্ভত দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছিল।

বিচাৰৰ সময়ত এজন অভিযুক্ত সুৰজপালৰ মৃত্যু হয়। বৰ্তমান, আন জন অভিযুক্ত জগদীশ সিঙে শাস্তিৰ সন্মুখীন হ’ব লাগিব।

Exit mobile version