Fatachil Fire update : ফটাশিলৰ হৰিজন কলনিৰ ভয়ংকৰ অগ্নিকাণ্ডত ১৫০ টা বাসগৃহ ভস্মীভূত

এদিন পূৰ্বে মানুহেৰে গিজগিজাই থকা বস্তিটোত ,এতিয়া মৰিশালীসদৃশ পৰিৱেশ

Fatachil Fire update :

শুক্ৰবাৰে নিশা মহানগৰীৰ ফটাশিল আমবাৰীৰ হৰিজন ক’লনীত সংঘটিত হোৱা বিধংসী অগ্নিকাণ্ডৰ ফলত ১৫০ টা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷এই ঘটনাতবিস্তৰ ক্ষতি হয় আবাসী সকলৰ।

অগ্নিকাণ্ডত প্ৰায় ১৫ টা ৰন্ধনগেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ হয় ৷ অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত মহানগৰীৰ বিভিন্নস্থানৰ পৰা অহা বহু কেইখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে প্ৰায় পাঁচঘন্টা যোৰা অহৰহ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ আনহাতে ঘটনাস্থলীত উদ্ধাৰ বাবে উপস্থিত হয় এচ ডি আৰ এফ বাহিনী লোক ৷

জুই নিৰ্বাপনৰ পিছতে দুই কেবিনেট মন্ত্ৰী অশোক সিংঘাল আৰু জয়ন্তমল্ল বৰুৱা উপস্থিত হৈ ক্ষয়ক্ষতিৰ বুজ লয় ৷মন্ত্ৰীদ্বয়ে মুখ্যমন্ত্ৰীৰে আলোচ কৰি সকলোকে নতুন বাসগৃহ আৰু প্ৰয়োজনীয় সা-সামগ্ৰী দিয়াৰ আশ্বাস দিয়ে ৷

শনিবাৰে অগ্নিকাণ্ডৰ পিছত ধ্বংসস্তুপ প্ৰত্যক্ষ কৰি কলনীৰ বাসিন্দা সকলে চকুলো টুকে। এদিন পূৰ্বে মানুহেৰে গিজগিজাই থকা কলনীটোত এতিয়া মৰিশালীসদৃশ পৰিৱেশ৷ পলকতে নিজে থকা ঘৰখন চাৰখাৰ হৈ যোৱাৰ ছবি তেওঁলোকৰ চকুত যেন এতিয়াও ভাহি আছে। সৰ্বস্বান্ত হৈ এতিয়া দিশহাৰা জিএমচিৰ হৰিজন কলনীৰ লোকসকল।

উল্লেখ্য যে কলনিৰ বাসিন্দা সকলে নতুনকৈ নিৰ্মাণ কৰা গণেশ মন্দিৰত গণেশৰ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ বাবে সুদুৰ অন্ধ্ৰ প্ৰদেশৰ গণেশৰ মুৰ্তি অনা হৈছিল ৷অহা বুধবাৰে মন্দিৰত গণেশ মুৰ্তি প্ৰতিষ্ঠা কৰাৰ কথা আছিল ৷

কিন্ত নিষ্টুৰ নিয়তিয়েে যেন আবাসী সকলৰ আকাংক্ষাক চেঁচা পানী ঢালিলে৷ মন্দিৰ প্ৰতিষ্ঠাৰ পূৰ্বে সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডই সকলো চুৰমাৰ কৰিলে ৷

আনহাতে আজি আন এক দুখজনক দৃশ্যই সকলোৰে মন দুখেৰে ভৰি পৰে৷ অসুস্থ হৈ থকা নিজ কন্যাৰ চিকিৎসাৰ বাবে দুই লাখ টকা ঋণ লৈছিল ডি ইচৰামা নামৰ চাফাই কৰ্মী এগৰাকীয়ে ৷ কিন্ত শুক্ৰবাৰে সংঘটিত হোৱা জুয়ে চাফাই কৰ্মী গৰাকীৰ বাসগৃহ সহ নগদ দুই লাখ টকা জুইত জাঁহ যায় ৷ এতিয়া মুৰে কপালে হাত দি চাফাই কৰ্মী গৰাকীয়ে কয়, এতিয়া ৰোগাক্ৰান্ত জীয়ৰীক চিকিৎসা কৰিব কেনেকৈ ৷

Exit mobile version