Google AD : পৰ্ণগ্ৰাফী বিজ্ঞাপনে ক্ষতি কৰিছে লিখাপঢ়া, গুগলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিপদত ছাত্ৰ

WhatsApp Image 2022 12 10 at 17.24.26

Google AD :

পৰ্ণগ্ৰাফী বিজ্ঞাপন দেখুওৱাৰ অভিযোগত গুগল ইণ্ডিয়াৰ বিৰুদ্ধে ৭৫ লাখ টকাৰ গোচৰ ৰুজু কৰি বিপদত পৰিল এজন শিক্ষাৰ্থী । ওলোটাই তেওঁক জৰিমনা পৰিশোধ কৰিবলৈ ক’লে উচ্চতম ন্যায়ালয়ে ।

গোচৰ ৰুজু কৰা ছাত্ৰজনৰ নাম আনন্দকিশোৰ চৌধুৰী। তেওঁ মধ্য প্ৰদেশৰ বাসিন্দা। আনন্দে অভিযোগ কৰে যে ইউটিউবত দেখুওৱা সকলো বিজ্ঞাপনত যৌনতাৰ স’তে সম্পৰ্কিত বিষয় আছে।

আৰু এই বিজ্ঞাপনৰ বাবেই, তেওঁৰ লিখা পঢ়াত ক্ষতি হৈছে। মনসংযোগ বিঘ্নিত হৈছে । আনন্দে উচ্চতম ন্যায়ালয়ত এই অভিযোগ উত্থাপন কৰি এখন আবেদন দাখিল কৰে ।

অভিযোগটোত তেওঁ কয় যে এনে বিজ্ঞাপন সংবিধানৰ অনুচ্ছেদ ১৯ (২)ৰ বিৰুদ্ধে। সেয়েহে, এনে বিজ্ঞাপন তৎক্ষণাৎ বন্ধ কৰিব লাগে।

বিষয়টো ন্যায়াধীশ সঞ্জয় কিষাণ আৰু অভয় এছ ওকাৰ বিচাৰপীঠলৈ আহে । আদালতে জনাই যে এনে ধৰণৰ গোচৰৰ কোনো ভিত্তি নাই।

এনে ধৰণৰ গোচৰ কৰি গোচৰ ৰুজুকাৰীজনে আদালতৰ গুৰুত্বপূৰ্ণ সময় অপচয় কৰিছে। ইয়াৰ পাছত, আদালতে কয়, যদি এনে ধৰণৰ বিজ্ঞাপন ভাল নাপায়, তেন্তে কিয় চাই আছে? আপোনাক কোনো বাধ্য কৰোৱা নাই এনে ধৰণৰ বিজ্ঞাপন চাবলৈ ।

ইয়াৰ পাছতে গোচৰকাৰীক এক লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ দিয়ে আদালতে । আদালতে তেওঁক ভৰ্ৎসনা কৰি জৰিমনা বিহাৰ পাছত ছাত্ৰজনে ক্ষমা বিচাৰে।

তেওঁ আদালতক জনাই যে তেওঁ এটা দৰিদ্ৰ পৰিয়ালৰ । এই জৰিমনা দিয়াৰ সামৰ্থ্য নাই । আদালতে ছাত্ৰজনৰ আবেদন শুনি জৰিমনা বাতিল নকৰিলেও, কিন্তু ইয়াৰ কিছু পৰিমাণ ৰেহাই দিয়ে । ছাত্ৰজনক বৰ্তমানৰ বাবে ২৫ হেজাৰ টকা জৰিমনা পৰিশোধ কৰিবলৈ কোৱা হৈছে।

Exit mobile version