Iran : হিজাব বিৰোধী আন্দোলনত অংশগ্ৰহণকাৰী যুৱকৰ মৃত্যুদণ্ডৰ পাছত পুনৰ অশান্ত ইৰান ! তেহৰানত সংঘর্ষ

9be190f4 2cb1 446b 891a a842a6558542

Iran :

হিজাব-বিৰোধী আন্দোলনত অংশগ্রহণৰ বাবে এজন যুৱকৰ মৃত্যুদণ্ড কার্যকৰ কৰাৰ পাছত পুনৰ অশান্ত হৈ পৰিছে ইৰান । ৰাজধানী তেহৰানসহ সেই দেশৰ কে’বাখনো চহৰত বৃহস্পতিবাৰে বিয়লিৰ পৰা আৰম্ভ হয় বিক্ষোভকাৰীসকলৰ সমাবেশ ।

তেহৰানৰ ছাত্তাৰ খান পথ অৱৰোধ আৰম্ভ হৈছে । আৰক্ষীৰ স’তে আন্দোলনকাৰীসকলৰ সংঘর্ষৰ ঘটনাও ঘটিছে ।

চৰকাৰ বিৰোধী বিক্ষোভত অংশগ্ৰহণ কৰাৰ ‘অপৰাধ’ত বৃহস্পতিবাৰে ২৩ বছৰ বয়সৰ যুৱক মহছিন শ্বেকাৰিক ফাঁচী দিয়া হৈছে বুলি জনায় তেহৰান প্রশাসনে । সেই দেশত চৰকাৰ বিৰোধী বিক্ষোভত অংশগ্ৰহণ কৰি গ্রেপ্তাৰ হৈছিল যুৱকজন । এই ঘটনাৰ ফলত সেই দেশত বিক্ষোভ বৃদ্ধিৰ শংকা বাঢ়ে ।

যোৱা ২২ ছেপ্টেম্বৰত হিজাব পৰিধান নকৰাৰ অভিযোগত মাহশা আমিনি নামে এগৰাকী মহিলাক আটক কৰিছিল ইৰানৰ আৰক্ষীয়ে । তেওঁক থানালৈ লৈ যোৱা হয় । দুঘণ্টা পাছত তেওঁৰ পৰিয়ালক জনোৱা হয়, হৃদ‌্‌ৰোগত আক্রান্ত হৈ মৃত্যু হৈছে মাহশাৰ ।

কিন্তু মাহশাৰ পৰিয়ালৰ অভিযোগ, তেওঁক হত্যা কৰা হৈছে । মাহশাৰ মৃত্যুৰ পাছত ইৰানত প্রতিবাদৰ জুই জ্বলি উঠে‌ ।

দেশেৰ প্ৰায় ৫০খন চহৰ আৰু গাঁৱত মুকলিকৈ হিজাব খুলি, জ্বলাই দিয়ে, চুলি কাটি বিক্ষোভ প্ৰদৰ্শন কৰে মহিলাসকলে । তেওঁলোকে ইৰানৰ ‘গোড়া’ ধর্মীয় আচৰণৰ বিৰোধিতা কৰে ।

ইয়াৰ পাছতে ক্ৰমান্বয়ে হিজাব-বিৰোধী বিক্ষোভ সেই দেশৰ প্রধান ধর্মীয় নেতা আয়াতোল্লা আলি খোমেইনিৰ তিনি দশকৰ ‘স্বৈৰাচাৰী’ শাসনৰ অৱসান বিচাৰি আন্দোলনত পৰিণত হয় । এই আন্দোলনত পুৰুষসকলেও অংশগ্ৰহণ কৰে ।

মহছিনো সেই দলত আছিল বুলি ইৰানৰ দাবী । একাধিক বিক্ষোভকাৰী বৰ্তমানেও আৰক্ষীৰ জিম্মাত আছে । তেওঁলোকৰো মৃত্যুদণ্ড কার্যকৰ হোৱাৰ সম্ভাৱনা আছে বুলি শংকা ইৰানৰ মানৱাধিকাৰ আন্দোলনকাৰীসকলৰ ।

Exit mobile version