Lamding Firing : লামডিঙৰ শিমলুতলাত দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনা

দুৰ্বৃত্তৰ গুলীত গুৰুত্বৰভাৱে আহত ৰে’ল বিভাগৰ প্ৰাক্তন কৰ্মচাৰী

1d8e85d4 3c91 4c93 96b3 7a2a5ad571d5

Lamding Firing :

ৰে’ল নগৰী লামডিঙত নিশা গুলীচালনা ৷ শিমলুতলাত নিশা প্ৰাক্তন ৰে’লৱে কৰ্মচাৰীলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ দুৰ্বৃত্তৰ। দুৰ্বৃত্তৰ গুলীচালনা তেজেৰে তোমৰলি হৈ ঢলি পৰে ৷

মুৰত আৰু ডিঙিত আঘাতপ্ৰাপ্ত হোৱা প্ৰাক্তন ৰে’ল কৰ্মচাৰীজনৰ নাম তৰুণ চক্ৰৱৰ্তী৷স্কুটীত অহা দুই দুৰ্বৃত্তই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ৷

সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে চক্ৰৱৰ্তীক নিশাই গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ গুলীচালনা ঘটনা সংঘটিত হোৱা পিছতে ঘটনাস্থলীত হোজাই আৰক্ষী অধীক্ষক আৰু লামডিংৰ বিধায়ক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷

আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷ কি কাৰণত অৱসৰপ্ৰাপ্ত ৰে’ল কৰ্মচাৰীজনৰ দুৰ্বৃত্তই গুলীচালনা কৰিলে এই সন্দৰ্ভত তদন্ত কৰিছে লামডিং আৰক্ষীয়ে ৷ শেহতীয়া খবৰ অনুসৰি গুলীচালনা ঘটনা সম্পৰ্কত আৰক্ষীয়ে সোধপোছৰ বাবে দুজকলোকক আটক কৰিছে ৷

Exit mobile version