Skin Care Tips : ছালৰ সৌন্দৰ্য বৰ্ধনৰ বাবে এল’ভেৰাৰ লগত কি দুটা উপাদান মিহলি কৰিব লাগে ? জানিবলৈ পঢ়ক

a8964344 20f7 485b 83cb e96b4e9c637c

Skin Care Tips :

আমি সকলোৱে জানো যে , ছালৰ সৌন্দৰ্য বৰ্ধনৰ বাবে এল’ভেৰা খুবেই উপকাৰী । এল’ভেৰাই ছাল ময়েশ্চাৰাইজ কৰাত সহায় কৰে ।

বৰ্তমান না-না ধৰণৰ শাৰীৰিক অসুবিধাৰ কাৰণে বা পৰিবেশ দূষিত হোৱাৰ কাৰণে মানুহৰ ছালৰ না-না সমস্যাই দেখা দিছে । তেনেক্ষেত্ৰত ছালৰ সৌন্দৰ্য ধৰি ৰাখিবলৈ হ’লে এল’ভেৰাৰ লগত এই দুটা উপাদান মিহলি কৰি ঘঁহিব লাগে ।

১/ এল’ভেৰাৰ লগত এচামুচ ভিটামিন ই মিহলি কৰি ৰাতি শুৱাৰ আগত ভালদৰে মুখখন মালিচ কৰিব লাগে । এনেদৰে দৈনিক কৰিলে এটা সময়ত দেখিব যে আপোনাৰ মুখৰ ছালখন গাখীৰৰ দৰে ৰং হৈছে ।

২/ এল’ভেৰাৰ লগত পৰিমাণ অনুযায়ী গোলাপজল মিহলি কৰি মুখ , পিঠি , ডিঙি আদিত ঘঁহিলে , এটা সময়ত দেখিব যে আপোনাৰ ছালৰ ৰং পূৰ্বতকৈ উজ্জ্বল হৈ পৰিছে ।

আপোনাৰ ঘৰত যদি এল’ভেৰাৰ গছ আছে , তেন্তে আপুনি এই জেল ঘৰতে তৈয়াৰ কৰিব পাৰিব । প্ৰথমতে এখন পাত কাটি আনি অলপ চাফা পানী লৈ কিছুসময় ডুবাই ৰখাৰ পিছত দেখিব যে, পাতৰ পৰা জেল বাহিৰ হৈ গৈছে । সাধাৰণভাৱেও আপুনি এই জেল ব্যৱহাৰ কৰিব পাৰে ।

বি: দ্ৰ : ওপৰোক্ত প্ৰতিবেদন টো তথ্যৰ ওপৰত আধাৰিত যদিও এলাৰ্জিৰ সমস্যা থকা লোকে এই মিশ্ৰণ ব্যৱহাৰ কৰাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো আৱশ্যক ।

Exit mobile version