Delhi Pollution : ৰাজধানীত বৃদ্ধি পাইছে আৱৰ্জনাৰ পাহাৰ, সংকটত দিল্লীবাসীৰ জীৱন

1670742330 delhi

Delhi Pollution :

কিছুমানৰ উচ্চতা ৬৫ মিটাৰ আৰু কিছুমানৰ উচ্চতা ৬২ মিটাৰ। ৰাজধানীত এনে ধৰণৰ তিনি হেজাৰতকৈও অধিক পৰ্বত গঢ়ি উঠিছে।

পৰিৱেশ প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত ইয়াৰ সংঘাতিক প্ৰভাৱ পৰিছে । গাজীপুৰৰ পাছত, উত্তৰ-পশ্চিম দিল্লীৰ ভালচৱা অঞ্চলে দিল্লীৰ পৰিৱেশ অধিক প্ৰদূষিত কৰি তুলিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছে যে এই অঞ্চলসমূহক ‘পৰিষ্কাৰ ভাৰত’ প্ৰকল্পৰ জৰিয়তে ‘সেউজ অঞ্চল’লৈ পৰিৱৰ্তন কৰা হ’ব। কিন্তু এইটো এতিয়াও কৰা হোৱা নাই। বৰঞ্চ, ভালচৱা অঞ্চলত আৱৰ্জনাৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে। ফলস্বৰূপে, দিল্লীৰ লোকসকলে এক সংকটৰ সন্মুখীন হৈছে।

অঞ্চলটোৰ ওচৰত প্ৰায় দুই লাখ বাসিন্দা থাকে । তেওঁলোকে অভিযোগ কৰে যে কেতিয়াবা আৱৰ্জনাত জুই লাগে। ধোঁৱাৰ ফলত উশাহ-নিশাহত সমস্যা হয়। অঞ্চলটোত যি খোৱাপোৱা পানী পোৱা যায় তাৰ ৰং পাতল ৰঙা।

স্থানীয় লোকে জনাই যে গা ধোৱাৰ বাবে পানী ব্যৱহাৰ কৰিলে ছালৰ ক্ষতি হয়। এই অঞ্চলবোৰৰ পৰা নিৰ্গত মিথেন গেছৰ পৰিমাণ পৰিৱেশৰ বাবে সমানে ক্ষতিকাৰক।

কেতিয়াবা পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ এই অঞ্চলৰ ওপৰেৰে ড্ৰোন উৰোৱা হয়। কিন্তু পৰিস্থিতিৰ কোনো উন্নতি হোৱা নাই বুলি ভালচৱাৰ এজন বাসিন্দাই কয়।

ই কেৱল অঞ্চলটোৰ বাসিন্দাসকলক প্ৰভাৱিত কৰাই নহয়। ইয়াৰ ফলত সমগ্ৰ দিল্লীৰ লোকসকলৰ জীৱন সংকটত পৰিছে। যিমান সম্ভৱ সোনকালে, আৱৰ্জনাবোৰ পৰিষ্কাৰ কৰা আৰু সেই এলেকাবোৰ ‘সেউজঅঞ্চল’লৈ পৰিৱৰ্তন কৰা প্ৰয়োজন। অন্যথা, বায়ুত মিথেনৰ পৰিমাণ বৃদ্ধিয়ে সামগ্ৰিক পৰিৱেশ অধিক প্ৰদূষিত কৰিব।

Exit mobile version