Dr Banikanta Kakati Award : ছাত্ৰ সমাজৰ পৰাই সমাজ সেৱক-শীৰ্ষ উদ্যোগপতি, ভাল ৰাজনীতিক ওলাব লাগিব : মন্ত্ৰী পীযুষ হাজৰীকা

তেজপুৰত ১০৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীক ড° বাণীকান্ত কাকতি মেধা পুৰস্কাৰৰ অধীনত স্কুটী প্ৰদান

WhatsApp Image 2022 12 11 at 20.48.39 1

Dr Banikanta Kakati Award :

শিক্ষা আহৰণৰ জৰিয়তে বিভিন্ন সেৱাৰ মাধ্যমেৰে সমাজৰ উন্নতিৰ হকে নিজকে আত্মনিয়োগ কৰিবলৈ অসমৰ ছাত্ৰ সমাজৰ প্ৰতি আহ্বান জনায় ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই

আজি প্ৰজ্ঞা ভাৰতী আঁচনিৰ অন্তৰ্ভুক্ত ড° বাণীকান্ত কাকতি মেধা পুৰস্কাৰ বিতৰণ উপলক্ষে তেজপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি তথা শোনিতপুৰ জিলাৰ অভিভাবক মন্ত্ৰী হিচাপে অংশগ্ৰহণ কৰি তেওঁ ছাত্ৰ সমাজ ব্যক্তিকেন্দ্ৰিক মানসিকতাৰ পৰিবৰ্তে সমাজকেন্দ্ৰিক মানসিকতা, চিন্তাধাৰাৰে পৰিচালিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

শোণিতপুৰ জিলাৰ কৃতীমান শিক্ষাৰ্থীসকলক স্কুটী প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই লগতে কয় যে অসমৰ স্কুল-কলেজ-বিশ্ববিদ্যালয়, আই আই টিত অধ্যয়ন কৰা শোনিতপুৰৰ সন্তানেও এদিন বিশ্ব অথবা দেশৰ সৰ্বশ্ৰেষ্ঠ বহুজাতিক প্ৰতিষ্ঠানৰ শীৰ্ষ পদত অধিষ্ঠিত হ’ব লাগিব ।

অসমীয়া জাতিৰ গৌৰৱ আনন্দৰাম বৰুৱা, ড° বাণীকান্ত কাকতিৰ দৰে মহান মনীষীৰ অতুলনীয় জীৱন পৰিক্ৰমা অতি প্ৰাঞ্জল ৰূপত উপস্থাপন কৰি বঁটা প্ৰাপক শিক্ষাৰ্থী সকলক উদ্দেশ্যি ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰীকাই কয় যে আমাৰ ছাত্ৰ সমাজৰ পৰাই সমাজ সেৱক, বিশিষ্ট উদ্যোগপতি তথা ভাল ৰাজনীতিক ওলাব লাগিব ।

বিশ্বৰ আগশাৰীৰ বহুজাতিক প্ৰতিষ্ঠান গুগল, টুইটাৰ, মাইক্ৰ ছফ্ট আদিৰ শীৰ্ষ পদত একাধিক ভাৰতীয় মূলৰ ব্যক্তিয়ে শুৱনি কৰিছিল বা কৰি আছে । তেওঁলোক ভাৰতৰ কোনোবা ৰাজ্যৰ শিক্ষানুষ্ঠানতে অধ্যয়ন কৰিছিল । সেয়েহে আমাৰ অসমৰ তথা তেজপুৰৰ ছাত্ৰ – ছাত্ৰীয়ে সেই স্থান পাব নোৱাৰাৰ কোনো যুক্তি নাই ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক দূৰদৰ্শী চিন্তাৰে অসমৰ ছাত্ৰ সমাজক বিশ্বৰ বহল ক্ষেত্ৰলৈ আগুৱাই নিয়াৰ বাবেই এই অভিলাষী আঁচনিখন গ্ৰহণ কৰিছে । উল্লেখযোগ্য যে শোনিতপুৰ জিলাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশৰ ওপৰত লাভ কৰা ১৮৯ গৰাকী ছাত্ৰ আৰু ৬০ শতাংশৰ ওপৰত লাভ কৰা ৮৬৮ গৰাকী ছাত্ৰীসহ মুঠ ১০৫৭ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক ড° বাণীকান্ত কাকতি মেধা পুৰস্কাৰৰ অধীনত স্কুটী প্ৰদান কৰা হয় ।

আজিৰ এই অনুষ্ঠানত তেজপুৰ লোকসভাৰ সাংসদ পল্লবলোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, শোনিতপুৰৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ , তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ, সমাজকৰ্মী বাতাছ ওৰাঙ প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি, অভিভাবক তথা স্থানীয় ৰাইজ উপস্থিত থাকে ।

ইপিনে মন্ত্ৰী হাজৰীকাই আজি তেজপুৰ জলসম্পদ সংমণ্ডলৰ ১.৫৫ কোটি টকা ব্যয় সাপেক্ষ নবনিৰ্মিত স্থায়ী কাৰ্যালয় ভৱন আৰু তেজপুৰৰ কলিবাৰীত অনুসূচীত জাতি আৰু পিছপৰা জাতি কল্যাণ সঞ্চালকালয়ৰ পুঁজিৰে এছ অ’ পি ডি আঁচনিৰ অধীনত নিৰ্মিত ড° বি আৰ আম্বেদকাৰ ভৱনটোৰ উদ্বোধন কৰে ।

Exit mobile version