Jeans Pant : জিন্সৰ পেণ্টত থকা সৰু পকেটৰ কাম কি ? জানিবলৈ পঢ়ক –

WhatsApp Image 2022 12 11 at 19.30.52

Jeans Pant :

বিশ্বজুৰি জনপ্ৰিয় এবিধ সাজ হৈছে জিন্স পেণ্ট । জিন্সৰ কাপোৰ বেয়া পোৱা মানুহ খুব কমেই আছে । কেজুৱেল কাপোৰ হিচাপে জিন্স জনপ্ৰিয় হোৱাৰ মূলতে হ’ল যে , ই যথেষ্ট আৰামদায়ক, বহু দিন যোৱাৰ লগতে বহু দিনলৈকে নোধোৱাকৈ পিন্ধিব পাৰি ।

কিন্তু আপুনি এইকথা মন কৰিছেনে যে, জিন্স পেণ্টৰ পকেটৰ লগত আন এটা সৰু পকেট সংলগ্ন হৈ থাকে । এতিয়া হয়তো আমাৰ সকলোৰে মনত এটা প্ৰশ্ন উঠিছে যে,এই সৰু পকেটৰ কাম কি আছিল ?

অৱশ্যে বৰ্তমান নতুন ডিজাইনৰ জিন্স পেণ্টত এই সৰু পকেট সংলগ্ন হৈ নেথাকে । কিন্তু আগৰ ডিজাইনৰ সকলো পেণ্টতে এই সৰু পকেট সংলগ্ন হৈ আছিল । যদিও এই পকেটৰ কোনো ব্যৱহাৰ নাই তথাপি এটা সময়ত ইয়াৰ ব্যৱহাৰ ব্যাপকভাৱে হৈছিল ।

বৰ্তমান প্ৰজন্মৰ কোনেও এই পকেটৰ ব্যৱহাৰ সম্পৰ্কে একো বুজি নেপাব । কাৰণ আজিকালি প্ৰায়েই লোকে ম’বাইলত সময় চায় । ঘড়ী চোৱাৰ সময় বৰ্তমান কাৰো বাবে নাই ।

কিন্তু এটা সময়ত সকলো মানুহে পকেট ঘড়ীৰ ব্যৱহাৰ কৰিছিল । সেই সময়ত পকেট ঘড়ী লোৱাৰ এটা পৰম্পৰা আছিল । বহুতেই এই ঘড়ী কোটৰ পকেটত ৰাখিছিল । ঘড়ী ৰাখিবৰ বাবেই কোটৰ গাত এটা সৰু পকেট ৰাখিছিল ।

যিসকলৰ কোটত ঘড়ী ৰখাৰ পকেট নাছিল , তেওঁলোকে ঘড়ী ৰাখিবলৈ হ’লে চিন্তাত পৰিছিল । সেইবাবেই হয়তো জিন্সৰ পেণ্টত এটা সৰু পকেট ৰখাৰ ব্যৱস্থা কৰিছিল । অৰ্থাৎ এইয়াই আছিল এই সৰু পকেটৰ ইতিহাস ।

১৮৯০ চনত লিভাইচৰ জিন্সত এই পকেটৰ ব্যৱহাৰ প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিল । কিন্তু বহুতেই আক’ এই সৰু পকেটত ঘড়ী ৰাখিবলৈ ব্যৱহাৰ কৰা নাছিল যদিও জিন্সৰ পেণ্টত ইয়াৰ সংযোগ সদায়েই কৰিছিল ।

এই পকেট থকা জিন্স পেণ্ট পিন্ধি থকাৰ পিছতো বহুতেই হয়তো ইয়াৰ ব্যৱহাৰ সম্পৰ্কে একো জ্ঞাত নাছিল যে এই পকেট কেৱল মাত্ৰ ঘড়ী ৰাখিবলৈহে সংলগ্ন কৰা হৈছে ।

সেই সময়ত সকলো পুৰুষে পকেট ঘড়ী লৈ ফুৰিছিল । মুঠতে জিন্স পেণ্টত এই সৰু পকেট লগাই মুঠ পাঁচটা পকেট আছিল ।

Exit mobile version