Lip Care In Winter : লিপ বাম শেষ ? তেনেহলে ঘৰুৱা উপাদানেৰে কৰক ফটা ওঠৰ যতন 

shutterstock 1033253056

Lip Care In Winter :

শীত অহাৰ লগে লগেই আমাৰ সকলোৰেই ছাল শুকাই যোৱাৰ সমস্যাই দেখা দিয়ে । বিশেষকৈ ওঁঠ ফটা সমস্যাই আমাক সাংঘাটিক কষ্ট দিয়ে । ওঁঠ বেছিকৈ ফাটিলে ফটা ওঁঠেদি তেজ নিৰ্গত হোৱাও পৰিলক্ষিত হয় ।

সেইয়েহে আমি শীত অহাৰ পূৰ্বেই ওঠৰ পৰিচৰ্যা কৰা আৰম্ভ কৰা উচিত । সাধাৰণতে ওঠৰ পৰিচৰ্যা কৰিবলৈ আমি লিপ বাম ব্যৱহাৰ কৰো । কিন্তু এইকথা আমি কিয় পাহৰি যাওঁ যে , ঘৰত উপলব্ধ হোৱা উপাদানেৰেও আমি ওঁঠৰ পৰিচৰ্যা কৰিব পাৰো ।

১/ এণ্টিঅক্সিডেণ্ট তথা ভিটামিন চি আৰু ই যুক্ত আমণ্ড তেল ব্যৱহাৰ কৰিও আমি ফটা ওঠৰ সমস্যাৰ পৰা বাচিব পাৰো । ৰাতি শুৱাৰ পূৰ্বে দুটোপাল আমণ্ড তেল লৈ ওঠত ঘহিলে , ই ওঠদুখন মসৃন কৰি ৰখাত সহায় কৰে ।

২/ আনহাতে ওঁঠ ফাটিলে মৃত কোষ জমা হ’বলৈ আৰম্ভ কৰে । তেনেসময়ত সপ্তাহত দুবাৰকৈ ওঁঠ দুখন স্ক্ৰাব কৰা দৰকাৰ । এইক্ষেত্ৰত চেনিৰ লগত নেমুৰ ৰস মিহলি কৰি ওঁঠ দুখন ৫-১০ মিনিট ঘহিব লাগে । এইধৰণে সপ্তাহত দুবাৰকৈ কৰিলে আপোনাৰ ওঁঠ ফটা সমস্যা দূৰ হ’ব ।

৩/ মৌ ৰসত থকা এণ্টি চেপটিক ও এণ্টি বেক্টেৰিয়েল উপাদানে ওঠৰ আদ্ৰতা বজাই ৰখাত সহায় কৰে । মৌৰ লগত গ্লিচাৰিণ অথবা গোলাপজল মিহলাই ওঁঠত লগালেও সু-ফল পাব পাৰি ।

৪/ শীতত ওঁঠৰ যত্ন আমি কেঁচা গাখীৰ ব্যৱহাৰ কৰিও কৰিব পাৰো । গাখীৰত থকা প্ৰয়োজনীয় পুষ্টিয়ে ওঁঠ দুখন ময়েশ্চাৰাইজাৰ কৰাত সহায় কৰে । কেঁচা গাখীৰৰ লগত হালধী মিহলি কৰি ওঁঠত লগাই অন্তত পাঁচ মিনিট ৰখাৰ পিছত স্ক্ৰাব কৰি ধুই দিব লাগে ।

৫/ সাধাৰণতে ওঁঠ ফাটিলে ওঁঠৰ প্ৰাকৃতিক গোলাপী ৰং হেৰাই যায় । তেনেক্ষেত্ৰত পুনৰ ওঁঠৰ গোলাপী ৰং ঘূৰাই আনিবলৈ আপুনি বিটৰ ৰস ব্যৱহাৰ কৰিব পাৰে । বিটৰ ৰস ওঁঠত লগাই দুই মিনিট ৰখাৰ পিছত ধুই দিব লাগে । এনেদৰে দৈনিক কৰিলে আপোনাৰ ওঠৰ প্ৰাকৃতিক ৰং নিশ্চিতকৈ ঘূৰি আহিব ।

বি : দ্ৰ : প্ৰতিবেদনটো নিৰ্ভৰযোগ্য তথ্যৰ ওপৰত আধাৰিত যদিও ওঁঠৰ অন্য কোনো বিশেষ সমস্যাই দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক ।

Exit mobile version